প্ৰখৰ ইচ্ছাশক্তি থাকিলে শাৰিৰীক বাধাগ্ৰস্ততা যে কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে সেয়া পুনৰ এবাৰ প্ৰমাণ কৰিলে এন বিশাখামূৰ্তি নামৰ এজন ব্যক্তিয়ে ৷ দৃষ্টিহীন এই গৰাকী ব্যক্তিয়ে কেতিয়াও জীৱনত হাৰ নামানিলে। নিজৰ সপোন পূৰণত তেওঁ অটল আছিল। স্কুলৰ পৰা আইন মহাবিদ্যালয়লৈ – ইটোৰ পিছত সিটো পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পাছত শেহতীয়াকৈ তেওঁ দেশৰ প্ৰথমজন দৃষ্টিহীন উকীল হিচাপে ‘এডভোকেট অন ৰেকৰ্ড’ (এ অ’ আৰ) পৰীক্ষাত উত্তীৰ্ণ হৈ এক নতুন নজিৰ গঢ়ি তুলিছে। এই সপ্তাহত প্ৰকাশ পাইছে এই পৰীক্ষাৰ ফলাফল।
চেন্নাইৰ অধিবক্তাগৰাকীয়ে অৱশ্যে এই সফলতাৰ কৃতিত্ব কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই নহয়, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, এটৰ্নী জেনেৰেল আৰ ভেংকটৰমনি আৰু উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়ক জেনেৰেলৰ পদক্ষেপৰ বাবে সম্ভৱ হোৱা বুলি প্ৰকাশ কৰিছে ৷ কাৰণ ব্যাখ্যা কৰি তেওঁ কয়, “উচ্চতম ন্যায়ালয়ে আগতে দুবাৰকৈ সহায়ক নিযুক্তিৰ বাবে মোৰ আবেদন নাকচ কৰিছিল ৷ ইয়াৰ পিছত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে অনুমতি দিলে।”
নিৰ্দেশত কোৱা হৈছিল যে যিজন সহায়ক দৃষ্টিশক্তিহীন প্ৰাৰ্থী বিশাখামূৰ্তিৰ হৈ উত্তৰ লিখিব, তেওঁৰ আইনৰ ডিগ্ৰী থাকিব নালাগে। তেওঁৰ আইনৰ বিষয়ে কোনো ধাৰণাও থাকিব নোৱাৰে! তেওঁ মহাপঞ্জীয়কৰ পৰ্যবেক্ষণত দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ সহায়ত ১ ঘণ্টাৰ পৰীক্ষাটো দিছিল। আৰু তাতেই সফলতাৰ উত্তীর্ণ হয় ৷ প্ৰসংগক্ৰমে ২০১৮ চনত ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিশাখামূৰ্তিয়ে কেন্দ্ৰীয় সংগঠন বিভাগত অতিৰিক্ত সহকাৰী অধিবক্তাৰ চাকৰি লাভ কৰে।