এগৰাকী মহিলা যিয়ে তেওঁৰ মাতৃৰ চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল – তেওঁ কেতিয়াও জন্ম হোৱা উচিত নাছিল বুলি দাবী কৰি কেইবালাখ ক্ষতিপূৰণৰ অধিকাৰ লাভ কৰিছে। ইংলণ্ডৰ এগৰাকী তাৰকা শ্ব’জাম্পাৰ এভি টুম্বেছে স্পাইনা বাইফিডা ৰোগ লৈ জন্ম গ্ৰহণ কৰাৰ সময়ত তেওঁৰ মাতৃৰ চিকিৎসকৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ “ভুল ধাৰণা” ( Wrongful conception) গোচৰ ৰুজু কৰিছিল। মেৰুদণ্ডৰ ত্ৰুটিৰ অৰ্থ হৈছে যে এভিয়ে কেতিয়াবা টিউবৰ সৈতে সংযোজিত হৈ দিনে ২৪ ঘণ্টা অতিবাহিত কৰে বুলি এক প্ৰতিবেদনত জানিব পৰা গৈছে ।
২০ বছৰীয়া যুৱতীগৰাকীয়ে গৰ্ভৱতী অৱস্থাত তাইৰ মাকক সঠিকভাৱে পৰামৰ্শ দিয়াত ব্যৰ্থ হোৱাৰ বাবে ডাঃ ফিলিপ মিচেলক আদালতলৈ লৈ গৈছিল। এভি টুম্বেছে দাবী কৰে যে যদি ডাঃ মিচেলে তাইৰ মাকক কলেহেতেন যে তেওঁৰ কেঁচুৱাটোক প্ৰভাৱিত কৰা স্পাইনা বাইফিডাৰ আশংকা হ্ৰাস কৰিবলৈ ফলিক এচিড পৰিপূৰকভাৱে গ্ৰহণ কৰিব লাগিব, তেন্তে তেওঁ গৰ্ভৱতী হোৱাৰ সিদ্ধান্ত সলনি কৰিব পাৰিলেহেঁতেন। ইয়াৰ অৰ্থ হ’লহেঁতেন যে এভিৰ জন্ম কেতিয়াও নহ’লহেঁতেন।
‘ডেইলী মেইল’ৰ বাতৰি অনুসৰি বুধবাৰে লণ্ডন উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়ত ন্যায়াধীশ ৰোজালিণ্ড কো কিউচিয়ে এভিৰ গোচৰটো সমৰ্থন কৰে। বিচাৰকজনে ৰায় দিছিল যে যদি এভিৰ মাকক “সঠিক পৰামৰ্শ দিয়া হয়, তেন্তে তেওঁ গৰ্ভধাৰণৰ প্ৰচেষ্টা বিলম্বিত কৰিলেহেঁতেন।
পৰিস্থিতি সাপেক্ষে গৰ্ভধাৰণৰ সময় পিছুৱাই দিব পাৰিলেহেঁতেন, যাৰ ফলত এটি স্বাস্থ্যৱান শিশু জন্ম হ’লহেঁতেন,” তেওঁ এভি টুম্বেছক বৃহৎ পৰিশোধৰ অধিকাৰ প্ৰদান কৰি কয়।
এভিৰ উকীলসকলে কৈছে যে সঠিককৈ ক্ষতিপূৰণৰ পৰিমাণ গণনা কৰা হোৱা নাই, কিন্তু সম্ভৱতঃ এই পৰিমাণ বৃহৎ হব। কিয়নো ই তাইৰ জীৱনজোৰা যত্নৰ প্ৰয়োজনীয়তাৰ ব্যয় পূৰণ কৰিব লাগিব।
এভি টুম্বেছৰ মাতৃয়ে আগতে আদালতক কৈছিল যে যদি ডাঃ মিচেলে তেওঁক সঠিকভাৱে পৰামৰ্শ দিলেহেতেঁন, তেন্তে তেওঁ গৰ্ভৱতী হোৱাৰ পৰিকল্পনা স্থগিত ৰাখিলেহেঁতেন। “মোক পৰামৰ্শ দিয়া হৈছিল যে যদি মই আগতে ভাল আহাৰ খাইছিলো, তেন্তে মই ফলিক এচিড গ্ৰহণ কৰিব নালাগিব,” ।
এই ৰায়টো লেণ্ডমাৰ্ক ৰায় বুলি গণ্য কৰা হয় কিয়নো ইয়াৰ অৰ্থ হৈছে যে এজন স্বাস্থ্যসেৱা পেছাদাৰীক গৰ্ভধাৰণৰ পূৰ্বৰ অনুচিত পৰামৰ্শৰ বাবে দায়বদ্ধ কৰিব পাৰি যদি ইয়াৰ ফলত গুৰুতৰ স্বাস্থ্য অৱস্থা থকা কেঁচুৱা এটাৰ জন্ম হয়।