VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমীয়াৰ অতি আদৰৰ কোমল চাউলৰ জলপান খাই ভাল পাই নিশ্চয় আপুনিও। কোমল চাউলৰ বিষয়ে জানো আহকচোন

voicedesk by voicedesk
January 13, 2025
in জীৱন
অসমীয়াৰ অতি আদৰৰ কোমল চাউলৰ জলপান খাই ভাল পাই নিশ্চয় আপুনিও। কোমল চাউলৰ বিষয়ে জানো আহকচোন
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

সময়ৰ লগে লগে আজি আমাৰ খাদ্যাভ্যাসৰ ভালেখিনি পৰিৱৰ্তন হৈছে। অত্যাধিক কেলৰি ঘনীভূত , উচ্চ চৰ্বীযুক্ত আৰু মাত্ৰাধিক চুগাৰ থকা খাদ্য ফাষ্ট-ফুড বা জাঙ্ক-ফুড প্ৰায় সকলো ঠাইতে পোৱা যায় আৰু সকলোৰে প্ৰিয়। এই খাদ্যবোৰ নিয়মিত ভাবে খোৱাটো স্বাস্থ্যৰ বাবে অপকাৰী। প্ৰয়োজনতকৈ অধিক কেলৰি গ্ৰহণ কৰাৰ পাছত কেলৰিখিনি যদি আমি উলিয়াই দিব নোৱাৰোঁ তেনেহলে অতিৰিক্ত কেলৰি খিনি চৰ্বী হিচাপে আমাৰ শৰীৰত জমা হৈ মেদবহুলতাৰ সৃষ্টি কৰে আৰু আমি বহুতো ৰোগৰ স্বীকাৰ হ’ব পাৰোঁ।
অসমীয়া সমাজত প্ৰচলিত কোমল চাউল , ভজা চাউল , সান্দহ , চিৰা , পিঠাগুড়ি আদি অতি সুস্বাদু জলপান সমূহ অতি পুৰণি দিনৰে পৰা সকলোৰে সমাদৃত হৈ আহিছে।
কোমল চাউলক ‘যাদুকৰী চাউল’ বুলিও জনা যায়। কোমল চাউলক সিজাব নালাগে। পানীত কিছু সময় তিয়াই থলে খাব পৰা হৈ যায় বাবে ইয়াক কোমল চাউল বোলে। চকোৱা বা কোমল ধান , নানিয়া ধান আদিৰেহে কোমল চাউল বনাব পাৰি। যি কোনো চাউলৰ পৰা কোমল চাউল প্ৰস্তুত কৰিব নোঁৱাৰি। প্ৰথমত ধান খিনি কেৰাহিত সিজোৱা হয় । ধান ফাটি ভিতৰৰ চাউল ভাত হৈ যাব লাগে। তাৰ পিছত সিজোৱা ধান খিনি চোকা ৰদত শুকুৱাব লাগে। এদিনতে শুকুৱা চাউলহে উকৃষ্ট কোমল চাউল হয়।
এই কোমল চাউল গাখীৰ , দৈ , ক্ৰিম আৰু গুৰ বা চেনীৰ লগত খাবলৈ অতি সোৱাদময়। কিছুমানে আকৌ বিশেষকৈ কৃষক সকলে নিমখ , মিঠাতেল , পিঁয়াজ , জলকীয়া আদিৰেও খায়। এইদৰে খোৱা কোমল চাউলৰ সোৱাদ অতুলনীয়। পুষ্টিগুণৰ ফালৰ পৰা কোমল চাউল অতি উৎকৃষ্ট জলপান। কোমল চাউল খালে আমাৰ বহুত সময়লৈ ভোক নালাগে গতিকে কমকৈ খাব বিচৰা সকলৰ কাৰণে কোমল চাউল অতি লাভদায়ক। ডায়েবেটিছ , হাই প্ৰেছাৰ , অতিৰিক্ত কলেষ্টৰেল আদিৰ বাবে কোমল চাউল উপকাৰী জলপান।
কোমল চাউল অসমীয়াৰ অতি মৰমৰ বিহুৰ প্ৰধান জলপান। এই পুষ্টিকৰ সোৱাদময় কোমল চাউলক আমি জলপান হিচাপে ব্যৱহাৰ কৰিলে বহুতো বেমাৰৰ পৰা হাত সাৰি সুস্থ শৰীৰে আনন্দ মনেৰে নিৰোগী হৈ থাকিব নিশ্চয় পাৰিম।

Previous Post

অকালতে চুলি পকিছে নেকি ? কি ভিটামিনৰ অভাৱত চুলি পকে জানো আহক

Next Post

পশ্চিম অসমৰ পুঁহ – মাঘৰ সংক্ৰান্তিত ‘ সোণাৰায় পূজা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post

পশ্চিম অসমৰ পুঁহ - মাঘৰ সংক্ৰান্তিত ‘ সোণাৰায় পূজা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7