আঘোন বুলিলে সোণোৱালী পথাৰ , দাঁৱনীৰ কাঁচিৰ কেছ কেছ শব্দ আৰু গীতেৰে মুখৰিত আৰু প্ৰাণবন্ত হৈ থকা সোণগুটিৰে ভৰা পথাৰ খন চকুৰ আগত ভাঁহি আহে। কাটি থোৱা ধান গৰুৰ গাড়ীত ওপচাই ঘৰলৈ লৈ অনা দৃশ্য , ধান থৈ উভতি যাবৰ সময়ত গৰু গাড়ীত উঠাৰ হেঁপাহত আধাতে খেল সামৰি পিছে পিছে লৰ মাৰি যোৱা , সূৰ্য উদয় নাইবা সূৰ্য অস্তমিত হোৱাৰ সময়ত চোতালত মৰণা মাৰাৰ সৌন্দৰ্যৰ ছবি খনে চকুত দোলা দি যায়।
” আঘোণৰে পথাৰত পকাধানে ৰিঙিয়াই
চৰাইয়ে খুটিয়াই খাই
জীয়ৰী -বোৱাৰী গীতৰ এজাৱৰি
উলাহতে নাচি নাচি যায়।”
এতিয়া আঘোণ মাহ। অসমীয়া গাওঁৰ প্ৰতিঘৰৰ চোতালত ধানৰ ডাঙৰিয়ে ভৰি আছে। ঘৰ-চোতাল সকলোতে যেন আঘোণ -আঘোণ গোন্ধ। পুঁৱতি নিশা কুঁৱলীৰ আৱৰণ ফালি গাত মিঠা মিঠা লগা ঠাণ্ডাত চোতালত ধানৰ ডাঙৰিবোৰ খুলি এজাপ এজাপ কৰি খেতিয়কে বা মৰণা মৰা মানুহ জনে ঘুৰণীয়া আকৃতিৰে সজাই ল’য়। যেন সোণোৱালী দলিচাহে চোতালত পাৰি থোৱা আছে। তাৰ পিছত ৪টা বা পাঁচটা (ধানৰ পৰিমাণ চাই ) গৰুক একেডাল ৰছিৰে ডিঙিত বান্ধি সজাই থোৱা ধানৰ ওপৰত উঠাই দিয়া হয়। মূল কেন্দ্ৰত লোৱা গৰুটো অলপ লেধা প্ৰকৃতিৰ হোৱাৰ বিপৰীতে বাকী গৰু কেইটা চটফটীয়া হয়। গৰু কেইটাক হাল বোৱাৰ দৰে বাওঁফালে ঘূৰি থাকিবলৈ দিয়া হয় আৰু পিছে পিছে এজনে এছাৰি লৈ খেদি থাকিব লাগে। কেইপাকমান ঘূৰাৰ পিছতে মৰণাৰ ওপৰছোৱাৰ ধান গৰুৰ গছকত সৰিবলৈ ধৰে। এনেদৰে মৰণা মাৰি থকাৰ সময়তে বিভিন্ন দিশৰ পৰা দুই -তিনি জনে ওখোনেৰে তল-ওপৰ কৰি ধানবোৰ ওখোনিয়াই দিয়ে। গোৱালপাৰা আদি কৰি কিছুমান অঞ্চলত ওখোনা মাৰি দালক দাঙ মাৰি বুলি কয়। ওখোনাৰে ওখোনিয়াই থাকোঁতেও গৰু জাকক ঘূৰি থাকিবলৈ দিয়া হয় আৰু চাৰি-পাঁচ বাৰ মান ওখোন মাৰাৰ পিছত গৰুৰ জাকটোক একাষৰীয়াকৈ থৈ মৰণাৰ খেৰবোৰ তল-ওপৰ কৰি দিয়া হয়। তাৰ পিছত আকৌ দুবাৰমান ওখোনিয়াই মৰণা মৰা কাৰ্যটো শেষ কৰা হয়। মৰণা মাৰোতে কমেও দুই বা তিনি ঘণ্টা সময় লাগে। মৰণা মাৰা হোৱাৰ পিছত ধানৰ খেৰবোৰ আঁতৰাই ৰইনা বা কোৰোণাৰে ধানবোৰ গোটোৱা হয়। এবাৰ মৰণা মাৰি ধানবোৰ নচপাই আকৌ তাৰ ওপৰতে পুনৰ ধান জাপি দি মৰণা মাৰাও দেখা যায়। এনে মৰণাক গোৱালপাৰাত ‘ঝাপ মাৰা’ বোলে।
মৰণাৰ ধান চাফা কৰিবলৈ গোৱালপাৰাত বাও দিয়া বুলি কোৱা হয় সেই পদ্ধতিৰো কিছুমান বিশেষ বিশেষ কৌশল আছে। এই কৌশলবোৰ অঞ্চল আৰু জনগোষ্ঠী ভেদে বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। মৈমনসিঙীয়া সকলৰ মাজত মৰণা মৰা কামটো অকল মহিলা সকলে কৰাৰ দৰে ধান বিচা কামটোও মহিলা সকলেহে কৰে। আবেলি প্ৰাকৃতিক ভাৱে বলা বতাহত এখন ডলা বা কুলাৰে লোৱা ধান ওপৰৰ পৰা তললৈ অলপ অলপকৈ ঢালি থাকে আৰু ধানৰ লগত মিহলি হৈ থকা পতান বতাহত উৰি যায় আৰু ধান পৰিষ্কাৰ হয়।
ৰাভা -বড়ো জনগোষ্ঠীৰ দৰে বহুতে ৰাইনাৰে চপাই থোৱা ধানৰ দ’মটোৰ পৰা চালনী বা ডলাৰে ধান লৈ চোতালত ছটিয়াই দিয়ে। তাৰ পিছত দুজন বা তিনিজনে ডলা বা কুলাখন খামোচ মাৰি ধৰি গাৰ জোৰেৰে চাৰিওপিনৰ পৰা বিচিব ধৰে আৰু বতাহত পতান বা আন জাবৰ বোৰ আঁতৰি যায়। এনেদৰে বিচোতে বিচোতে ধানবোৰ পৰিষ্কাৰ হৈ যায়। এইদৰে মৰণা মাৰা ধানখিনি ৰদাই লৈ গোটেই বছৰটোৰ বাবে ভঁৰালত লখিমি সাঁচি ৰাখে চহা অসমীয়াই ।
‘মৰণা’ শব্দটো কোন সভ্যতাৰ বা কোন সংস্কৃতিৰ পৰা আহিছে সেয়া নিৰ্ণয় কৰা অতি টান যদিও মৰণা শব্দটো আৰ্যসকলৰ অৱদান বুলি ভাবিব পাৰি।
অসমীয়াত মৰণা শব্দটোৰ লগত সামৰ্থক মাৰণ বা মাৰা ফেলোৱা বা কাটা মাৰা আদি শব্দবোৰ গোৱালপাৰাত ব্যৱহৃত হোৱাৰ দৰে উজনি-নামনি সকলো কৃষিজীৱি লোকৰ মজতে মৰণা মাৰা বা মাৰা’ দিয়াৰ প্ৰচলন আছে।
আজিৰ দিনত আমাৰ গাওঁবোৰো বহুত উন্নত হ’ল। সকলোতে পৰিৱৰ্তন আহিল। বিজ্ঞানৰ দিনত কোনোৱে পিছ পৰি নাথাকিল। এতিয়া আঘোণত পথাৰ সোণোৱালী হৈ থাকিলেও অসমীয়া গাৱঁৰ চোতালত মৰণা মাৰা দেখিবলৈ আমি সুযোগ নাপাওঁ। য’ত অলপ হ’লেও গৰু ব্যৱহৃত হৈ আছে , লাহে লাহে হয়তো সেয়াও সময়ৰ সোঁতত বিলীন হৈ যাব। গৰুৰ ঠাইত ট্ৰেক্টৰেৰে মাটি চহোৱাৰ দৰে মেচিনেৰে মৰণা মাৰাৰ সুবিধা হ’ল। চহৰৰ দৰে গাওঁতো ঠাইৰ অভাৱ হোৱা , গৰুক পোহপাল দিয়াৰ অসুবিধা বা সময়ৰ নাটনিত মেচিনৰ সহায় ল’বলৈ কৃষিজীৱি লোক বাধ্য হ’ব লগা হ’ল। সময় গতিশীল , গতিকে গতিশীল সময়ৰ পৰিবৰ্তনক সকলোৱে মানি লৈছে আৰু ল’বই লাগিব। কৃষিজীৱি লোকে যেনেকৈ নহওঁক খেতি কৰি আহিছে সোণোৱালী পথাৰৰ পৰা লখিমি আদৰি আনিছে আপোন ঘৰখনলৈ। আঘোণৰ সুন্দৰতাই ক’তো কবিক উন্মনা কৰিছে , ক’তো কবিৰ কাপেৰে নিগৰিছে আঘোণৰ কবিতা। কিন্তু কোনোবা খিনিত যেন মনবৰ দুৰ্বল হৈ উঠে। জোনাকী ৰাতি চোতালত মৰণা মাৰাৰ দৃশ্য চকুত ভাঁহি অহাৰ লগতে সুহুৰিয়াই সুহুৰিয়াই থকা গানৰ কলি যেন কাণত সুৰ হৈ বাজি থাকে। এইখিনি সময়ত পৰীক্ষা বোৰ শেষ হৈছিল গতিকে পঢ়া শুনাৰ পৰা মুক্ত হোৱা মনবোৰে মৰণা মৰাৰ আনন্দত আত্মহাৰা হৈছিল। দাই মাৰি দালেৰে বা ওখোনা মাৰিবলৈ চেষ্টা কৰি কৰি ভাগৰি যোৱা কথাবোৰ এতিয়া সাধুকথা হ’ল। মৰণা মাৰি চপাই থোৱা খেৰবোৰ আকৌ জাপি লৈ ভৰিৰে গছকি গছকি ধান উলিয়াই সেইবোৰ কেইটামান পইচাৰ বিনিময়ত ঘৰৰ অভিভাৱকক দি পোৱা পইচা কেইটা (জমা ধন যাক নেকি আজিকালি পকেট মানি কোৱা হয় ) কিমান হেঁপাহৰ । সেই পইচা কেইটাৰে লগৰীয়াৰ লগত ভোজভাত খোৱা কথাবোৰ যেন ইতিহাস হৈ গ’ল। সেয়েহে প্ৰতিটো আঘোণে শীতৰ মিঠা আমেজৰ লগতে কঢ়িয়াই আনে আঘোণৰ সোণোৱালী পথাৰৰ সৌন্দৰ্য আৰু মনৰ দাপোনত ভাঁহি আহে মৰণা মাৰি থকা চোতাল খনৰ অপৰূপ নয়োনাভিৰাম দৃশ্য।