সৰুৰে পৰা শুনি অহা ককা-আইতাৰ মুখৰ এয়া ডাকৰ বচন। আমাৰ শৰীৰৰ বিষয়ে ডাকৰ-বচনত বহুতো শিক্ষা পোৱা যায়। আগৰ দিনত আমাৰ ককা- আইতাৰ দিনত এই শিক্ষা বা নিয়ম-নীতিৰে চলিছিল সেইবাবে আগৰ দিনত মানুহৰ বেমাৰ-আজাৰ বেছি নাছিল। জানো আহকচোন ডাকৰ -বচনৰ উক্ত কথা শাৰীৰ বিষয়ে-
আঠ দিনৰ মূৰে মূৰে তিতা খোৱা প্ৰয়োজন। এনেদৰে তিতা খালে তেজ পৰিষ্কাৰ হোৱাৰ উপৰি মেলেৰিয়া , সাধাৰণ জ্বৰ , বহুমূত্ৰ আদি ৰোগ সমূহ প্ৰতিৰোধ হোৱাত সহায় কৰে। বৃদ্ধাৱস্থাত বহুলোকে বংশানুক্ৰমেই হওক বা খাদ্যাভ্যাস বা শ্ৰমহীনতা নাইবা অধিক মানসিক চিন্তাৰ কাৰণেই হওক বহুমূত্ৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায়। আঠ দিনৰ অন্তৰে অন্তৰে তিতা-কেহা আদি বস্তু খোৱাৰ অভ্যাস কৰিলে এই ৰোগ প্ৰতিৰোধ হোৱাৰ সম্ভাৱনা থাকে। আনকি বহুমূত্ৰ ৰোগত কোনো কোনো লোক আক্ৰান্ত হ’লেও মহানিমৰ পাত , তিতা কেৰেলা , তেজপাত ,মিথি, তুলসী , কালমেঘ , চিৰতা আদি সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে সুফল পাব পাৰে।
সেয়েহে আমি আধুনিক যুগত বাস কৰিলেও বা আধুনিক নিয়ম নীতিৰে জীৱন -ধাৰণ কৰিলেও আমাৰ ককা-দেউতা হঁতৰ অতি প্ৰাচীন নীতি নিয়মবোৰ কিছু ক্ষেত্ৰত মানি চলাটো অতি প্ৰয়োজনীয়।