আনাৰস বা মাটি কঠাল গ্ৰীষ্মকালীন এবিধ উত্তম ফল। আনাৰস কেঁচাতে টেঙা যদিও পকিলে মিঠা আৰু ৰসাল হয়। কেঁচা আনাৰসৰ আচাৰ , চাটনি , চৰবত আদি বনাই খাব পাৰি বা টক ৰান্ধিও জুতি লগাই খাব পাৰি। ঠিক সেইদৰে পকা আনাৰস ৰসাল আৰু মিঠা হোৱাৰ বাবে খাবলৈ বহুত সোৱাদ হয়। গ্ৰীষ্মকালত উপলদ্ধ আনাৰস বহুতৰে প্ৰিয়। কিন্তু শৰীৰৰ অপকাৰ হয় বুলি বা উচ্চ ৰক্তচাপ থকা ব্যক্তি সকলে আানাৰস খবলৈ চিন্তা কৰা দেখিবলৈ পোৱা যায়। আপোনাৰো যদি উচ্চ ৰক্তচাপ আছে তেনেহ’লে আনাৰস খাবনে নাখাব জাঁনো আহক আমাৰ এই প্ৰতিবেদন যোগে —–
১) আনাৰস খালে একাধিক শাৰীৰিক সমস্যা নিৰাময় হয় বুলি পুষ্টিবিদ সকলে জানিবলৈ দিছে।
২) যি সকল লোকে ডায়েটিং কৰে তেওঁলোকৰ ডায়েটত আনাৰস থকাটো অতি প্ৰয়োজন।
৩) আনাৰসত গ্লাইছেমিক ইনডেক্ম কম থকা বাবে মধুমেহ ৰোগীয়েও আনাৰস খাব পাৰে।
৪) হৃদৰোগীৰ বাবেও আনাৰস উপকাৰী
৫) উচ্চ ৰক্তচাপ থকা ব্যক্তিয়েও আনাৰস খাব পাৰে কাৰণ আনাৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে।
৬) সৰ্দি – কাঁহ , হাঁপানি , ব্ৰঙ্কাইটিছ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে আনাৰসে।
৭) বাতৰ বিষ , অষ্টিঅ’পৰোচিছ সহ হাড়ৰ বিভিন্ন সমস্যাৰ বাবে আনাৰস অতি উপকাৰী
৮) মুখৰ ভিতৰ অংশ সুস্থ আৰু নিৰোগী কৰি ৰাখিবলৈ আনাৰস খোৱা প্ৰয়োজন।
৯) জণ্ডিছ , লিভাৰ ছিৰোচিছ বা লিভাৰৰ আন আন ৰোগৰ বাবেও আনাৰস পথ্যৰ ভিতৰত পৰে।