আমাৰ কেতিয়াবা হেঁকেটি আহে , সেই সময়খিনিত বহুতো অশান্তি অনুভৱ কৰোঁ। হেঁকেটি কিয় আহে জানেনে বাৰু ?
পেট আৰু বুকুৰ মাজৰ মাংসপেশী হঠাৎ কেতিয়াবা সংকোচন হয়। তেতিয়া ভিতৰৰ বায়ুৰ চাপ অনিয়মীয়াহৈ কেতিয়াবা উশাহ নলীদাৰ বন্ধ হয়। ভিতৰৰ বায়ুখিনি বন্ধ দ্বাৰত লাগি বাহিৰ ওলোৱাকে হেঁকেটি বোলে।
সাধাৰণতে যকৃত , পাকস্থলীৰ ৰোগী সকলৰ হেঁকেটি হয়। তদুপৰি স্নায়বিক দুৰ্বলতা , ৰক্তশূণ্যতা, অধিক মানসিক পৰিশ্ৰম , যক্ষ্মা , পেটচলা, অজীৰ্ণ , মাদকদ্ৰব্য সেৱন, ইনফ্লুয়েঞ্জা , হাঁইফাই ইত্যাদিৰ কাৰণেও হেঁকেটি হয়।
বন দৰবেৰে হেঁকেটিৰ নিৰাময় কৰিব পাৰি , কেনেকৈ জানো আহক-
১) ডালিম ফলৰ ছাল ১০ মিঃ লিঃ গ্ৰাম মিহিকৈ খুন্দি এক চামুচ চেনি মিহলাই খালে হেঁকেটি বন্ধ হয়।
২) খুব মিহি মিহিকৈ আদা এটুকুৰা চকলিয়াই খালে সকলো প্ৰকাৰ হেঁকেটি সহজে বন্ধ হোৱা দেখা যায়।
৩) পিপিলিৰ চূৰ্ণ মৌৰ লগত কেইদিনমান খালেই হেঁকেটি বন্ধ হয়।
৪) হালধিৰ গুড়া চিলিমত লৈ তাৰ ধোঁৱা টানিলে হেঁকেটি বন্ধ হয়।
৫) পিঁয়াজৰ ৰস দুই চামুচত এক চামুচ মৌ মিহলাই খালে ভাল হয়।
৬) পদিনাৰ পাত পিহি মিচিৰিৰ সৈতে খালে হেঁকেটি বন্ধ হয়।
ডাব নাৰিকলৰ পানী , চেঁচা পানী , সৰু এলাচি , মৌ , মূলাৰ পাত , মিচিৰি , আম , কুঁহিয়াৰৰ ৰস , ঘিউ , আদাৰ ৰস , চেনি পানী সুপথ্য।
হেঁকেটি আহি থকা অৱস্থাত পানী আৰু অন্যান্য খাদ্য বা ঔষধ খাওঁতে অতি সাৱধানতাৰে লাহে লাহে খাব লাগে যাতে চৰচৰণি নহয় বা উশাহ নলীৰ দ্বাৰ বন্ধ হৈ নাযায়।