নিজৰ ঘৰতে সাস্থ্যসন্মতভাৱে ৰন্ধা সাধাৰণ সুষম আহাৰেই স্বাস্থ্যৰ কাৰণে উত্তম আহাৰ। সেই আহাৰত থাকিব লাগে প্ৰচুৰ পৰিমাণে সতেজ শাক-পাচলি , মাছ-মাংস আৰু ফল-মূল। আঁহযুক্ত আহাৰ শৰীৰৰ বাবে অতি উপকাৰী।
ডাঃ এণ্ড্ৰু উইলছন নামৰ এজন বিশ্ব-বিখ্যাত স্বাস্থ্য বিশাৰদে খাদ্যৰ বিষয়ে দিয়া পৰামৰ্শবোৰ এনে ধৰণৰ-
১) অকাৰি চাউল আৰু আটাৰ পৰা তৈয়াৰ কৰা খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী।
২) চেনি আৰু ময়দা জাতীয় খাদ্য স্বাস্থ্যৰ বাবে অপকাৰী।
৩) মাখন ,ক্ৰীম , চিজ , গাখীৰৰ পৰা মিঠাই আৰু ছাল নেচেলোৱা কুকুৰাৰ মাংস অৰ্থাৎ চৰ্বি জাতীয় খাদ্য কমকৈ খাব লাগে।
৪) কলেষ্টেৰল বেছি থকা আৰু হাৰ্টৰ ৰোগত ভোগা মানুহে চৰ্বি থকা আহাৰ কেতিয়াও খাব নালাগে।
৫) বাদাম জাতীয় শুকান ফল স্বাস্থ্যৰ কাৰণে অতি উপকাৰী।
৬) ছয়াবিনকে ধৰি সকলো বিন জাতীয় খাদ্যই স্বাস্থ্যৰ বাবে উপকাৰী।
৭) শৰীৰৰ কাৰণে পশু-পক্ষীৰ পৰা পোৱা প্ৰোটিনো অতি উপকাৰী।
৮) মাছ বেছিকৈ খাব লাগে তাৰ পৰিবৰ্তে বয়স বাঢ়ি অহাৰ লগে লগে মাংস কমাই খোৱা উচিত আৰু এটা বয়সত মাংস খোৱা বন্ধ কৰিব লাগে।