ইলিছ মাছ বহুতৰে প্ৰিয়। বাৰিষা কালত ইলিছ মাছ ভজা, ভাপত দিয়া ইলিছ মাছ, সৰিয়হ দিয়া ইলিছ, কলপাতত দিয়া ইলিছ মাছৰ জুতি লৈ বহুতেই তৃপ্তি পায়। ইলিছ মাছ সোৱাদত যেনেকৈ অতুলনীয় ঠিক তেনেকৈ পুষ্টি উপাদানেৰেও ভৰপূৰ।
বিশেষজ্ঞৰ মতে, ইলিছ মাছ একেবাৰেই গুৰুপাক আহাৰ নহয়। প্ৰতি ১০০ গ্ৰাম ইলিছ মাছত ২৫ গ্ৰাম প্ৰ’টিন, ২০৪ মিলিগ্ৰাম কেলচিয়াম , ২৭ মিলি গ্ৰাম ভিটামিন চি, ৩ দশমিক ৩৯ গ্ৰাম শৰ্কৰা, ২ দশমিক ২ গ্ৰাম খনিজ আৰু ১৯ দশমিক ৪ গ্ৰাম চৰ্বি থকাৰ উপৰিও উচ্চ পৰিমাণৰ ওমেগা ৩ ফেটি এচিড, নায়ছিন, ট্ৰিপ্ট’ফেন, ভিটামিন বি ১২, ছডিয়াম,কেলচিয়াম, মেগনেচিয়ামৰ লগতে আন আন ভিটামিন আৰু মিনাৰেলচ পোৱা যায়।
ইলিছ মাছত ওমেগা ফেটি এচিড থকা বাবে এই মাছ খালে হৃদৰোগৰ পৰা আতঁৰি থাকিব পাৰি।
শৰীৰৰ তেজ সঞ্চালনত সহায় কৰাৰ লগতে আৰ্থাৰাইটিছৰ সমস্যা দূৰ কৰাত সহায় কৰে ইলিছ মাছে।
হাওঁফাওঁৰ নানা ৰোগ প্ৰতিৰোধ কৰাৰ লগতে চকুৰ বাবেও উপকাৰী এই মাছ।
বিশেষজ্ঞৰ মতে, ইলিছ মাছ খুবেই উপকাৰী আৰু এই মাছ খালে শৰীৰ সুস্থ থাকে বুলি জানিবলৈ দিয়ে যদিও কিছুমান লোকৰ বাবে ইলিছ মাছ বিষ তুল্য হ’ব পাৰে। ইলিছ মাছ কোন ব্যক্তিৰ বাবে বিপদজনক আৰু এই মাছ খালে তেওঁলোকৰ কি অপকাৰ হ’ব পাৰে জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। চিকিৎসকৰ মতে, যি সকল ব্যক্তিৰ এলাৰ্জিৰ সমস্যা থাকে তেওঁলোকে ইলিছ মাছ নোখোৱাই ভাল।
২)। যিসকল লোকৰ এজমাৰ সমস্যা থাকে তেওঁলোকে ইলিছ মাছ খালে ক্ষতি কৰিব পাৰে। গতিকে এজমা ৰোগত ভূগি থকা ব্যক্তিয়ে এই মাছ বিধ খাব নালাগে।
৩)। অন্ত সত্বা মহিলা বা সদ্য মাতৃ হোৱা মহিলাই চিকিৎসকৰ পৰামৰ্শ লৈহে ইলিছ মাছ খাব লাগে।
৪)। কিডনী ৰোগীয়ে ইলিছ মাছ খাব নালাগে। যিসকল লোকৰ কিডনী সম্বন্ধীয় সমস্যা থাকে তেওঁলোকৰ বাবে এই মাছ বিধ অপকাৰী হয় ।
৫)। যিসকল লোকৰ গেষ্টিকৰ সমস্যা থাকে তেওঁলোকেও বেছিকৈ ইলিছ মাছ খাব নালাগে।
ইলিছ মাছ বহুতো সোৱাদ যুক্ত হোৱাৰ উপৰিও উপকাৰী গুণেৰে সমৃদ্ধ যদিও শাৰীৰিক ভাৱে অসুস্থতা থাকিলে চিকিৎসকৰ পৰামৰ্শ লৈহে খোৱা উচিত।