ৰাতিপুৱা মূৰৰ তলৰ অংশ বা ডিঙিৰ পিছফালে গলধনৰ ওপৰত বিষ অনুভৱ হয় । ভৰি বাহু পিঠি আদিত বিষ হয় আৰু হাত-ভৰি জিনজিননি হয়। বুকুত বিষ আৰু বুকু ধপধপনি হ’ব পাৰে। মূৰৰ বিষ আৰু মূৰ আচন্দ্ৰাই কৰিব পাৰে বা টোপনি কম হোৱাৰ লগতে কামত মনোযোগ নাহে । এনেকুৱা হ’লে উচ্চ ৰক্তচাপৰ লক্ষণ বুলি আমি জানিব পাৰো আৰু অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
উচ্চ ৰক্তচাপ বনৌষধিৰে চিকিৎসা কৰিব পাৰি-
১) নেফাফু গছৰ কোমল আগ ৫ টা , ৫ ফোটা নহৰুৰ লগত পিহি ভাতৰ লগত চাটনি কৰি ২ দিনৰ পিছে পিছে এবাৰকৈ খাব লাগে। নেফাফু আঞ্জা কৰি সপ্তাহত ৩ দিনকৈ খালেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।
২) সৰ্পগন্ধাৰ শিপাৰ পৰা চাহ-চামুচেৰে এচামুচ ৰস উলিয়াই তাত সমান পৰিমাণৰ পানী মিশ্ৰণ কৰি দিনে এবাৰকৈ খাব লাগে। সৰ্পগন্ধা শিপাৰ পৰা প্ৰস্তুত কৰা বড়ি উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উৎকৃষ্ট।
৩) অৰ্জুণ গছৰ ছাল ৫০ গ্ৰাম , আমলখি ৫টা , ২ গিলাচ গাখীৰত সিজাই তাত তেজপাত দুটা দি সামান্য চেনি মিহলাই দিনে ২ বাৰকৈ একেৰাহে এমাহ খাব লাগে। এনেদৰে খালে ৰক্তচাপ স্বাভাৱিক হয় , হৃদপিণ্ড শক্তিশালী হোৱাৰ লগতে বুকুৰ ধপধপনি ৰোগ প্ৰতিৰোধ হয়।
৪) একচামুচ পিঁয়াজৰ ৰসৰ লগত এক চামুচ মৌ মিহলাই দিনে দুবাৰ নিয়মীয়াকৈ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হয়।