VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এই লক্ষণবোৰে দেখা দিছে নেকি? ৰাতিপুৱা শুই উঠি ভাগৰুৱা অনুভৱ কৰে যদি হ’ব পাৰে ডায়েবেটিচ

voicedesk by voicedesk
December 3, 2024
in জীৱন
এই লক্ষণবোৰে দেখা দিছে নেকি?  ৰাতিপুৱা শুই উঠি ভাগৰুৱা অনুভৱ কৰে যদি হ’ব পাৰে ডায়েবেটিচ
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter
  • টোপনি ভাঙিলেই ডিঙি বুকু শুকাই যায় নেকি? ভাগৰুৱা বা হাত ভৰিৰ শক্তি নোহোৱা হৈ পৰাৰ দৰে লাগে নেকি? যদি এই সমস্যা বোৰে দেখা দিয়ে তেনেহলে ডায়েবেটিচৰ লক্ষণ হ’ব পাৰে। ডায়েবেটিচৰ লক্ষণ দিনৰ যিকোনো সময়ত দেখা দিব পাৰে যদিও বিশেষকৈ ৰাতি পুৱাৰ সময়ত এই লক্ষণ বোৰ বেছিকৈ পৰিলক্ষিত হয়। প্ৰতিদিন ৰাতি পুৱাৰ সময়ত যদি এই সমস্যা বোৰ হয় তেনেহলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চিকিৎসকৰ মতে, কি কি উপসৰ্গ দেখা দিলে ডায়েবেটিচ হ’ব পাৰে জানো আহকচোন এই প্ৰতিবেদন যোগে

১)। চিকিৎসকে জানিবলৈ দিছে যে, ৰাতি ৪ বজাৰ পৰা ৰাতিপুৱা ৮ বজালৈ তেজত শৰ্কৰাৰ পৰিমাণ বহুত সময়ত বাঢ়ি যায়। ইয়াক ‘মৰ্নিং হাইপাৰগ্লাইছিমিয়া’ বা ‘ডন ফেন’মেনন’। শৰীৰৰ স্বাভাৱিক ছিৰকাডিয়ান ৰিদমৰ বাবে গ্লুক’জ আৰু কৰটিছলৰ দৰে হৰম’ন বেছি পৰিমাণে তৈয়াৰ হয়। এই হৰম’ন বোৰে শৰীৰত ইনছুলিন ৰেজিষ্টেণ্ট তৈয়াৰ কৰাৰ ফলত ৰাতিপুৱা সময়ত তেজত চুগাৰৰ পৰিমাণ বাঢ়ি যায়।

২)। ডায়েবেটিচৰ আন এটা লক্ষণ হ’ল টোপনিৰ পৰা উঠাৰ লগে লগেই অত্যন্ত পানী পিয়াহ লগা , ডিঙি বুকু যেন শুকাই যায়। এনে পৰিস্থিতিক চিকিৎসা শাস্ত্ৰত ‘পলিডিপছিয়া’ বুলি কোৱা হয়। ৰাতিপুৱা শৰীৰে হাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থাকে আৰু কিডনীয়ে বাঢ়ি অহা গ্লু’কজ ফিল্টাৰ আৰু শোষণ কৰিবলৈ চেষ্টা কৰি থাকে। এই প্ৰক্ৰিয়াত প্ৰচুৰ পানীৰ প্ৰয়োজন হয় বাবে শৰীৰত পানী নোহোৱা হৈ পৰে। সেয়েহে শুই উঠাৰ পিছতে ডিঙি শুকাই যায় আৰু মুখৰ ভিতৰখন শুকাই যোৱাৰ দৰে অনুভৱ হয়।

৩)। ৰাতি ভাল টোপনি হোৱাৰ পিছতো ৰাতিপুৱা শুই উঠাৰ পিছতে শৰীৰত ভাগৰ লাগি থাকে, মূৰৰ বিষ বা অস্বস্তিবোধ লাগি থাকে তেনেহলে ডায়েবেটিচ ৰোগৰ লক্ষণ হ’ব পাৰে। ব্লাড চুগাৰ বেছি হ’লে শৰীৰে সঠিক ভাবে গ্লু’কজ ব্যৱহাৰ কৰি এনাৰ্জি তৈয়াৰ কৰিব নোৱাৰে বাবে ভাগৰুৱা অনুভৱ হৈ থাকে।

৪)। সঘনাই প্ৰেছাৱ হোৱাটোও ডায়েবেটিচৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ ৰাতি বা ৰাতিপুৱাৰ সময়ত প্ৰেছাৱ লাগি থকাৰ বাবে ঘনাই টোপনি ভাঙি যোৱাক ‘পলিইউৰিয়া’ বুলি কোৱা হয়। তেজত শৰ্কৰাৰ পৰিমাণ বেছি থাকিলে কিডনীয়ে বেছিকৈ গ্লু’কজ ফিল্টাৰ কৰি থাকে আৰু তাৰ লগতে পানীও ফিল্টাৰ হয় বাবে প্ৰেছাৱৰ পৰিমাণ বাঢ়ি যায়।

৫)। ৰাতিপুৱা শুই উঠাৰ পিছত হাত ভৰি অৱশ হৈ থকা যেন লাগিলে ডায়েবেটিক নিউৰ’পেথিৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে। দীৰ্ঘ দিন ধৰি ব্লাড চুগাৰৰ পৰিমাণ বেছি থাকিলে স্নায়ু ক্ষতিগ্ৰস্ত হয়। যাৰ ফলত টোপনিৰ পৰা উঠাৰ পিছত হাত ভৰিৰ জোৰ নোহোৱা হয় বা অৱশ হৈ পৰা যেন লাগে।

এইবোৰ উপসৰ্গই দেখা দিলে অৱহেলা নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

Previous Post

ৰামায়ণৰ বিশল্যকৰণীৰ বিষয়ে সকলোৱে জানে, বিশল্যকৰণীৰ উপকাৰিতাৰ বিষয়ে জানো আহক

Next Post

সুস্থ নিৰোগী শৰীৰৰ অধিকাৰী কেনেকৈ হ’ব পাৰি জানো আহক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
সুস্থ নিৰোগী শৰীৰৰ অধিকাৰী কেনেকৈ হ’ব পাৰি জানো আহক

সুস্থ নিৰোগী শৰীৰৰ অধিকাৰী কেনেকৈ হ'ব পাৰি জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7