কচুপাত খাই ভাল পায় নিশ্চয় আপুনিও। । বাৰিষাকালত এই সেউজীয়া পাতবোৰ প্ৰচুৰ পৰিমাণে দেখিবলৈ পোৱা যায় । কচু পাতৰ পৰা বহু ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয় । ই কেৱল সুস্বাদু হোৱাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী । এইবোৰত এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-বেক্টেৰিয়েল গুণ পোৱা যায় যিয়ে আমাক বহুতো ৰোগৰ পৰা ৰক্ষা কৰে ।
বহুতে কচু খাই বৰ ভাল পায় ৷ স্বাস্থ্যৰ বাবেও ইয়াক অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ এই পাচলিবিধ বিভিন্ন ধৰণে বনাব পাৰি। ঠিক তেনেকৈ কচুৰ দৰে ইয়াৰ পাতবোৰো সোৱাদ তথা স্বাস্থ্য গুণেৰে ভৰপূৰ ৷ সুস্বাদু পকৰি, বৰ সেউজীয়া, শাক-পাচলি আদি বহুতো ব্যঞ্জন এই পাতৰ পৰা তৈয়াৰ কৰা হয় ৷ এই পাতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰে ৷ আইৰণ, ভিটামিন চি আৰু বহুতো পুষ্টিকৰ উপাদান কচুৰ পাতত পোৱা যায়। কচু পাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক এই প্ৰতিবেদন যোগে —
১) উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকৰ বাবে কচুপাত অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ এই পাতত ওমেগা ৩ ফেটি এচিড পোৱা যায় ৷ যিয়ে উচ্চ বি পিৰ মাত্ৰা স্বাভাৱিক কৰাত সহায় কৰে ৷ উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে কচুপাতক খাদ্য তালিকাত ৰাখিব লাগে।
২) ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাত সহায় কৰে কচুপাতে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন চি থকা খাদ্য খোৱাটো বাঞ্ছনীয় ৷ কচুপাতত অধিক পৰিমাণৰ ভিটামিন চি থাকে ৷ এই পাতবোৰ খাদ্যত অন্তৰ্ভুক্ত কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
৩) বেয়া কলেষ্টেৰল হ্ৰাস কৰে কচু পাতে।
কচুপাত চৰ্বিৰ পৰিমাণ কম হয় আৰু এই পাতত প্ৰচুৰ পৰিমাণে আঁহ আৰু মিথিঅ’নিন থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ্ৰাস কৰাত সহায় কৰে ৷
৪) কচু পাত চকুৰ বাবেও উপকাৰী।
কচুপাতত ভিটামিন এ যথেষ্ট পৰিমাণে থাকে ৷ চকুক সুস্থ কৰি ৰখাত ই অতি সহায়ক হয় ৷ কচু পাতবোৰ সীমিত পৰিমাণে খাদ্যত অন্তৰ্ভুক্ত কৰিলে চকুৰ লগত জড়িত ৰোগ যেনে মাইঅ’পিয়া, কেটাৰেক্ট আদিৰ পৰা আঁতৰি থাকিব পাৰি ৷
৫) কচুপাতে ওজন কমোৱাতো সহায় কৰে ৷ ইয়াত অতি বেছি পৰিমাণৰ প্ৰটিন আৰু কম পৰিমাণৰ চৰ্বি থাকে ৷ ইয়াৰ উপৰিও এই পাতবোৰত কেলচিয়াম আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে বাবে বহুতো গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে কচু পাতে ৷
৬)
ৰক্তহীনতা ৰোগীৰ বাবে কচুপাত অতি উপকাৰী। কচু পাতত থকা প্ৰচুৰ পৰিমাণৰ আইৰণে শৰীৰত ৰক্তকণিকা গঠনত সহায় কৰে।
খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে বহুতো ঔষধি গুণ থকা বাবে কচুপাত খালে আমি বহুতো উপকাৰ পাব পাৰোঁ।