পাক ঘৰত থকা এবিধ মছলা হ’ল জ’য়াইন। হজম শক্তি বৃদ্ধি কৰাৰ উপৰিও গেছ, বদহজম, বুকু জ্বলা পোৰা কৰিলে অকণমান জোৱাইন মুখত দিলেই সমস্যাৰ সমাধান হয়। জোৱানত ফাইবাৰ, এণ্টি অক্সিডেণ্ট ,আৰু আন আন পুষ্টিকৰ উপাদান পোৱা যায়। কেৱল হজম শক্তি বঢ়োৱাই নহয়, পেপটিক আলচাৰৰ পৰাও ৰেহাই পোৱাত জোৱাইন উপকাৰী। জৱাইনত ইমান বোৰ উপকাৰী গুণ থকাৰ স্বত্তেও কিছুমান ব্যক্তিৰ বাবে জ’ৱাইন অপকাৰী। জ’ৱাইনৰ পৰা আমাৰ কি কি উপকাৰ হয় আৰু জ’ৱাইন কাৰ বাবে অপকাৰী জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। জ’ৱাইনত এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাঙ্গাল বৈশিষ্ট আছে। জৱাইনত থকা থাইমল আৰু কাৰভাক্ৰল নামৰ দুটা যৌগ ই বেক্টেৰিয়া আৰু ফাংগাছক বৃদ্ধি হবলৈ নিদিয়ে। গৱেষণাত দেখা গৈছে যে, জৱাইনে ছালম’নেলা আৰু এছকেৰিছিয়া ক’লিৰ দৰে বেক্টেৰিয়াক ৰোধ কৰিব পাৰে। এই দুই বেক্টেৰিয়া ফুড পয়জনিঙৰ অন্যতম কাৰণ। তাৰোপৰি ক্যেনভিভা এলবিক্যানছ, ক্যেনভিডা ক্ৰুছেই, ষ্ট্ৰেপট’কক্কাছ মিউটেনছৰ দৰে মাল্টিড্ৰাগ ৰেছিটেণ্ট বেক্টেৰিয়াক ধ্বংস কৰিব পাৰে জোৱাইনে।
২)। তেজৰ বেয়া কলেষ্টেৰেলৰ মাত্ৰা আৰু ট্ৰাইগ্লিছেৰাইডেৰ পৰিমাণ কমোৱাত জ’ৱাইন উপকাৰী। হাৰ্টৰ ৰোগ আৰু ষ্ট্ৰ’কৰ সম্ভাৱনাও কমাব পাৰে জ’ৱাইনে। গৱেষণাত প্ৰকাশিত যে, জ’ৱাইনৰ গুৰিয়ে এলডিএল নাইবা বেয়া কলেষ্টেৰেল আৰু ট্ৰাইগ্লিছেৰাইডেৰ পৰিমাণ কমাব পাৰে।
৩)। ৰক্ত চাপ বেছি থাকিলে হাৰ্টৰ ৰোগ আৰু ষ্ট্ৰ’কৰ সম্ভাৱনা বঢ়ায়। জ’ৱাইনত থকা থাইমল নামৰ যৌগ ই ৰক্ত চাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। গতিকে উচ্চ ৰক্তচাপত ভূগি থাকিলে জ’ৱাইনৰ পানী খাব লাগে।
৪)। পেটটিক আলচাৰ,হজমৰ সমস্যা,গেছ এচিডিটিৰ সমস্যাৰ মহৌষধ জ’ৱাইন।
৫)। জ’ৱাইনৰ ফাইবাৰ সমৃদ্ধ হোৱা বাবে ওজন কমোৱাত সহায় কৰে। এক গিলাচ পানীত অকণমান আদা আৰু জ’ৱাইন মিহলাই উতলাই ল’ব লাগে। এই মিশ্ৰণত নেমুৰ ৰস মিহলাই প্ৰতি দিনে ৰাতি পুৱা পান কৰিলে সুফল পোৱা যায়।
৬)। জ’ৱাইনত থকা এণ্টি অক্সিডেণ্টে ঠাণ্ডা লগা কমাব পাৰে। বুকুত জমা হোৱা কফৰ বাবে জ’ৱাইনৰ পানী খুবেই উপকাৰী। ডিঙিৰ বিষত জ’ৱাইন আৰু নিমখ মিহলোৱা গৰম পানীৰ ভাপ ল’লে আৰাম পোৱা যায়।
৭)। জ’ৱাইন পিহি কপালত লগালে মাইগ্ৰেনৰ বিষ উপশম হয়। জ’ৱাইনৰ গুৰি এটুকুৰা কাপোৰত বান্ধি গোন্ধ ললেও মাইগ্ৰেনৰ যন্ত্ৰনাৰ পৰা মুক্তি পোৱা যায়।
৮)। কিডনীৰ নানা সমস্যাৰ পৰা দূৰত ৰখাত সহায় কৰে জ’ৱাইনে। বিশেষকৈ কিডনী ষ্ট’নৰ সমস্যা কমোৱাত সহায় কৰে জ’ৱাইনে।
জ’ৱাইন ইমান উপকাৰী যদিও অলপ পৰিমাণে খাব লাগে। গৰ্ভৱতী মহিলাই জ’ৱাইন খাব নালাগে। ভ্ৰুণৰ স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। গৰ্ভপাত পৰ্যন্ত হ’ব পাৰে।