খাবলৈ অনা কল পুলি, পচলা বুলি পঢ়াৰ কথা সকলোৰে হয়তো মনত আছে। প্ৰতিজন অসমীয়াই পচলা চিনি পায় আৰু খাবলৈ ব্যৱহাৰ কৰে। বিভিন্ন ধৰণেৰে সোৱাদ লগাকৈ পচলা ৰান্ধি খাব পাৰি । পচলা ঔষধী গুণেৰে ভৰপূৰ হোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। পচলাত প্ৰচুৰ পৰিমাণে আঁহ থাকে।
ইয়াৰ উপৰিও ভিটামিন B6, পটাচিয়াম, আইৰণ আদি পোৱা যায়। কি কি ৰোগৰ ৰোগীয়ে পচলা খাব লাগে আৰু পচলাত থকা ঔষধি গুণবোৰৰ বিষয়ে জানো আহক চোন এই প্ৰতিবেদন যোগে —
ক) পচলাত আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী।
খ) ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়।
গ) পচলাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
ঘ) পচলা খালে কলেষ্টৰল সমস্যাত সুফল পোৱা যায়।
ঙ) পচলাই কিডনীত পাথৰ হোৱাত বাধা দিয়ে।
ঙ) পচলাই পেটৰ চৰ্বি কমোৱাত সহায়ক।
চ) ডায়েবেটিচ ৰোগত পচলা উপকাৰী।
ছ) প্ৰস্ৰাৱৰ বিভিন্ন সমস্যাত পচলা খালে সুফল পোৱা যায়।
জ) পচলা খালে শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থ সমূহ প্ৰস্ৰাৱ, পাইখানাৰ যোগেদি শৰীৰৰ পৰা উলিয়াই দিয়ে।
ঝ) চকুৰ বিভিন্ন সমস্যাৰ বাবে কল পচলা উপকাৰী।
ঞ) লিভাৰৰ বিভিন্ন সমস্যাত পচলা উপকাৰী।বিশেষকৈ ফেটি লিভাৰ, জণ্ডিচত পচলা খালে সুফল পোৱা যায়।
ট) ইউৰিক এচিডৰ সমস্যা থকা ব্যক্তিয়ে পচলা খালে উপকাৰ পায়।
গতিকে অতি সহজতে উপলদ্ধ এই পাচলি বিধ খাই আমি বহুতো ৰোগৰ পৰা হাত সাৰি সু স্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰিম।