কেঁচা নহৰু খায় নিশ্চয় আপুনিও ? কেঁচা নহৰু শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি নহৰুৰ বহুতো উপকাৰী গুণ আছে। বেছিকৈ নহয় প্ৰতিদিনেই দুখুটাকৈ কেঁচা নহৰু খালে শৰীৰ সুস্থ হৈ থাকে। আয়ুৰ্বেদিক বিশেষজ্ঞৰ মতে, হাৰ্টৰ বাবেও নহৰু অতি উপকাৰী। হাৰ্ট এটেকৰ দৰে ভয়ংকৰ ৰোগৰ পৰা পৰিত্ৰাণ দিব পাৰে নহৰুৱে। কেঁচা নহৰুৰ উপৰিও ৰন্ধন কাৰ্যত নহৰুৰ ব্যৱহাৰ কৰা হয়। পাক ঘৰত থকা এই মচলাবিধে বহুতো ৰোগৰ পৰা হাত সাৰি থাকিবলৈ দিয়ে বাবে অতি পুৰণি কালৰ পৰাই ৰন্ধন কাৰ্যত নহৰুৰ ব্যৱহাৰ কৰি আহিছে। নহৰুৱে কলেষ্টেৰেলৰ পৰা মুক্তি দিব পাৰে। আয়ুৰ্বেদিক বিশেষজ্ঞ ই জানিবলৈ দিয়ে যে, নহৰুৰ লগত আৰু এবিধ খাদ্য মিহলাই ললে বেয়া কলেষ্টেৰল শিৰাৰ পৰা টানি উলিয়াই আনিব পাৰে । নহৰুৰ লগত কি বস্তু মিহলাই খালে বেয়া কলেষ্টেৰল গলি গৈ বাহিৰলৈ ওলাই আহে জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। কেঁচা নহৰু শৰীৰৰ বাবে অতি উপকাৰী। কেঁচা নহৰুৰ লগত গুড় খালে শৰীৰ সুস্থ হৈ থকাৰ উপৰিও তেজত আৰু শিৰাই শিৰাই জমা হৈ থকা বেয়া কলেষ্টেৰেল অতি সহজেই দূৰ হয়।
২)। নহৰু আৰু গুড়ৰ চাটনি খালে শৰীৰৰ পৰা বেয়া কলেষ্টেৰেল নিৰ্গত হোৱাৰ ফলত আৰু বৃদ্ধি হোৱাৰ চাপ নাথাকে আৰু শৰীৰ সুস্থ হৈ থাকে।
৩)। নহৰু আৰু গুড়ৰ চাটনি তৈয়াৰ কৰিবলৈ কেইখুটামান নহৰু বাকলি এৰুৱাই ল’ব লাগে। কোনো এটা পাত্ৰত একে সমান পৰিমাণৰ গুড় ল’ব লাগে। এই নহৰু আৰু গুড় পটাত পিহি বা গ্ৰাইণ্ডাৰত পিহি ল’ব লাগে। এই চাটনি প্ৰস্তুত হোৱাৰ পিছত এটা পাত্ৰত ৰাখিব লাগে। প্ৰতিদিন ৰাতি পুৱা নহৰু আৰু গুড়ৰ চাটনি খালি পেটত খাব লাগে। এই চাটনি খোৱাৰ পাছত ৰাতিপুৱাৰ জলপান খাব পাৰে।
যদিহে আপুনি কলেষ্টেৰেলৰ সমস্যাত ভূগি আছে তেনেহলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি দৰৱ খোৱাৰ উপৰিও নহৰু আৰু গুড়ৰ চাটনি খালে নিশ্চয় উপকৃত হ’ব পাৰিব।