বন ধ্বংস যজ্ঞই মানুহৰ জীৱনলৈ চৰম সংঘাত কঢ়িয়াই অনা পৰিপ্ৰেক্ষিতত গোলাঘাট আজি এখন অগতানুগতিক ছবি প্ৰতিফলিত হ’ল ।
বাসস্থান আৰু খাদ্যৰ অভাৱত জনসমাবেশলৈ ওলাই অহা কপিকুলে এইবাৰ প্ৰত্যক্ষ সংঘৰ্ষত লিপ্ত হ’ল গোলাঘাট চহৰত। ক্ৰমে হিংস্ৰ হৈ পৰা কপিকুলে এইবাৰ মানুহলৈ লক্ষ্য কৰি আক্ৰমণ আৰম্ভ কৰিলে । গোলাঘাট নগৰৰ মাজমজিয়াত প্ৰায় চাৰি ঘন্টা ধৰি মানুহ আৰু কপিকুলৰ মাজত চলিল এই তয়াময়া ৰণ।
ঘটনাৰ সবিশেষ অনুসৰি বিপদত পৰা বান্দৰৰ দলটোৰ এজন সতীৰ্থক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল এই কপিকুলৰ দলটোৱে । গোলাঘাট নগৰৰ শ্যাম ফেঞ্চি ষ্ট’ৰৰ চাদৰ ওপৰত এটা বান্দৰ খাদ্যৰ সন্ধানত আহি টিনপাতত লাগি থকা ৰছীত এখন ভৰি লাগি যোৱাত লগত থকা বান্দৰৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হ’য় ।
সমগ্ৰ ঘটনাটো প্ৰত্যক্ষ কৰি থকা একাংশ মানুহে বিপদত পৰা কপিকুলক উদ্ধাৰৰ চেষ্টা কৰিছিল যদিও মানুহক বিশ্বাসত লব নোৱাৰি বাৰে বাৰে খেদি আহিছিল বান্দৰৰ দলটোৱে। অধিক হিংসুক হৈ পৰা কপিকুলে এবাৰ মানুহলৈ চোঁচা লয় আকৌ মানুহৰ দলটোৱে কপিকুলৰ দলটোলৈ চোঁচা লয়।
এইদৰে প্ৰায় চাৰি ঘণ্টা ধৰি চলিল বান্দৰ আৰু মানুহৰ এই বিৰল যুঁজখন। অৱশেষত বনবিভাগৰ দল আহি উপস্থিত হোৱাৰ পিছতহে দুয়োপক্ষৰ মাজৰ হোৱা সংঘাতৰ যেন অন্ত পৰিল ।
আৰু শেষত অতি কৌশলেৰে বনবিভাগৰ লোকে উদ্ধাৰ কৰে ৰচীত লাগি থকা আঘাতপ্ৰাপ্ত বান্দৰটোক। আৰু প্ৰায় চাৰি ঘন্টাজুৰি চলি থকা কপিকুল আৰু মানুহৰ যুজঁ খনৰ তেতিয়াহে অন্ত পৰে।
গোলাঘাট চহৰখনত ক্ৰমাৎ বৃদ্ধি পোৱা কপিকুলৰ লগত মানুহৰ সহৱস্থান এক সাধাৰণ কথা হৈ পৰিছিল যদিও আজি দুয়োপক্ষৰ মাজত হোৱা এই ৰণখনে এক ৰোমাঞ্চকৰ পৰিবেশৰ সৃষ্টি কৰে।