গৰম ভাতৰ লগত ঘিউ খোৱা অভ্যাস আছে নেকি আপোনাৰো। বহুতেই ডাইল ,সৱজীৰে ভাত খোৱাৰ আগতে অকণমান ভাত ঘিউৰে সানি খাবলৈ পচন্দ কৰে। ঠিক তেনেদৰে কিছুমানে আলু কণী বয়েলেৰে গৰম ভাতৰ লগত ঘিউৰে খাবলৈ বৰ ভাল পায়। ঘিউ খাই ভালপোৱা লোকে ঘিউৰ গোন্ধতেই গোটেই খিনি ভাত খাই দিব পাৰে। পুষ্টি বিদে জানিবলৈ দিয়ে যে, ঘিউৰ উপকাৰী গুণ আছে যদিও ঘিউৰ লগত জালুকৰ গুৰি মিহলাই ল’লে পুষ্টি গুণ বৃদ্ধি পায়। ঘিউৰ লগত যদি সামান্য পৰিমানে জালুকৰ গুৰি মিহলাই খাব পাৰিলে বহুতো সমস্যাই নিয়ন্ত্ৰণত থাকে। ঘিউৰ লগত জালুকৰ গুৰি মিহলাই খালে কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। ঘিউৰ লগত জালুকৰ গুৰি মিহলাই খালে হজম শক্তি বৃদ্ধি পায়। কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে ভাত খাওতে ঘিউ আৰু জালুকৰ গুৰি খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।
২)। যিসকল ব্যক্তিয়ে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মিত শৰীৰ চৰ্চা কৰে তেওঁলোকৰ বাবে এই উপাদান বিশেষ উপকাৰী। ঘিউৰ স্বাস্থ্যকৰ ফেট আৰু জালুকত থকা পেপেৰিনে বিপাক প্ৰক্ৰিয়া বঢ়াই তোলাত সহায় কৰে।
৩)। ঘিউত ওমেগা ৩ ফেটি এচিড আৰু জালুকৰ গুৰিত পেপেৰিন পোৱা যায়। এই দুই উপাদানে মগজুৰ কাৰ্য ক্ষমতা বঢ়াই তোলাত সহায় কৰে।
৪)। প্ৰদাহ জনিত সমস্যা থাকিলে ঘিউ আৰু জালুকৰ গুৰি বিশেষ উপকাৰী। শাৰীৰিক বিষৰ সমস্যা, আৰ্থাইটিছৰ কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে ঘিউৰ লগত জালুকৰ গুৰি মিহলাই খাব লাগে।
৫)। জালুকৰ গুৰিত কিছুমান প্ৰয়োজনীয় এণ্টি অক্সিডেণ্ট থাকে। যিবোৰ চুলি আৰু স্বাস্থ্যৰ বাবে উপকাৰী। তাৰোপৰি জালুকৰ গুৰিত এনে কিছুমান ভিটামিন আছে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।
ঘিউ আৰু জালুকৰ গুৰি কেনেকৈ খাব পাৰি জানো আহক।
জালুক গুৰি কৰি ঘিউৰ সৈতে মিহলাই ল’ব লাগে। ৰাতি পুৱা খালি পেটত এই মিশ্ৰণ খাব পাৰি। একেবাৰে খালি পেটত ঘিউ খালে সমস্যা হ’ব পাৰে গতিকে গৰম ভাতৰ লগত ঘিউ আৰু জালুকৰ গুৰি মিহলাই খাব পাৰি।