চিকু অত্যন্ত মিঠা , সোৱাদ যুক্ত আৰু সুন্দৰ গোন্ধ থকা এবিধ ফল। ইংৰাজীত Sapodila বুলি কোৱা হয় আৰু বৈজ্ঞানিক নাম Manikara zapota)
চিকু বা চেপেটা এবিধ অতি পুষ্টিকৰ ফল। এণ্টি অক্সিডেণ্ট গুণেৰে ভৰপূৰ চিকু ফলত ভিটামিন এ’, ভিটামিন চি, ভিটামিন ই’,ফাইবাৰ, কেলছিয়াম, ফচফৰাচ, পটাছিয়াম, মেগনেছিয়াম আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। এই ফলবিধৰ পৰা আমাৰ কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। চিকু ফাইবাৰ সমৃদ্ধ ফল হোৱাৰ বাবে এই ফলবিধ খালে বদহজম আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। আধা পকা চিকু পানীত উতলাই ৰস কৰি খালে ডায়েৰিয়া ভাল হয়।
২)। চিকুত প্ৰদাহ বিৰোধী গুণ থকা বাবে গ্ৰেষ্টিক, পেট জ্বলা আদি ৰোগৰ সমাধান কৰিব পাৰে।
৩)। চিকু খালে মানসিক চাপ আৰু উদ্বেগ দূৰ হয়। তাৰোপৰি চিকুত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু চি থকা বাবে নিয়মিত চিকু খালে মুখৰ কেঞ্চাৰ প্ৰতিৰোধ কৰা যায় আৰু দাঁত ভালে ৰখাত সহায় কৰে।
৪)। চিকুয়ে শৰীৰৰ কোষৰ ক্ষতিসাধন প্ৰতিৰোধ কৰিব পাৰে। নিয়মিত চিকু খালে ঘনাই ঠাণ্ডা লগাৰ সমস্যা কমি যায়। শ্বাস কষ্ট দূৰ কৰাৰ লগতে হাওঁফাওঁ ভালে ৰখাত সহায় কৰে।
৫)। চিকু খালে বয়সৰ চাপ নপৰাকৈ থাকে। এই ফলবিধত প্ৰচুৰ পৰিমাণে ভিটামিন এ থকা বাবে চকু, ছাল আৰু হাড়ৰ বাবে খুবেই উপকাৰী।
৬)। ওজন কমাবলৈ বিচাৰিলে নিয়মিত চিকু খাব লাগে। এই ফলবিধত চৰ্বি নথকা বাবে বেছিকৈ খালেও মেদ বঢ়াৰ সম্ভাৱনা নাথাকে।
৭)। চিকুত পুষ্টি আৰু কাৰ্বোহাইডৰেট থকা বাবে কৰ্ম জীবি মহিলাৰ বাবে খুবেই উপকাৰী। গৰ্ভৱতী মহিলাৰ বমি বমি ভাৱ আৰু মূৰ ঘূৰণি নোহোৱা হয় এই ফলবিধ খালে।
৮)। চিকুত থকা কেলচিয়াম,আইৰন আৰু ফচফৰাচে হাড়ৰ গঠনক মজবুত কৰে।
৯)। চিকুত প্ৰচুৰ পৰিমাণে গ্লুক’জ থকা বাবে এই ফলবিধ খালে শৰীৰত শক্তি আহে আৰু কাম কৰাৰ প্ৰবনতা বৃদ্ধি হয়।
১০)। চিকুৰ বীজৰ চূৰ্ণ খালে কিডনীৰ ৰোগ ভাল হয় আৰু প্ৰেসাৱৰ নলীৰ পাথৰ ওলাই অহাত সহায় কৰে।