কেহৰাজ বন চিনি পায় নিশ্চয়। চুলিৰ মহৌষধ হিচাপে জনাজাত কেহৰাজ বন। সেমেকা সাৰুৱা, পানী বন্ধ নোহোৱা মাটিত গজা কেহৰাজ এবিধ শাক জাতীয় বনৰীয়া ঔষধি উদ্ভিদ। খেতি পথাৰ , কঠীয়াতলী ,শাকতলী আদিত এই গছ বেছিকৈ গজে। কেহৰাজৰ গছ এক বৰ্ষ জীবী আৰু বিশ চেণ্টিমিটাৰ ওখ হয়। পাত বিপৰীত মুখী যোৰপতা, ঠাৰি বিহীন । কেহৰাজ তিতা সোৱাদযুক্ত, তীক্ষ্ণ আৰু শুকনিকাৰক। কেহৰাজ বন চুলিৰ বাবে মহৌষধ। চুলিৰ বৃদ্ধি আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে কেহৰাজ বনৰ তেল ব্যৱহাৰ কৰা হয়। কৃমি, কেঁচু মূৰীয়া,বৰলে বিন্ধা আদিত বনৌষধি ৰূপে ব্যৱহাৰ কৰা হয় এই পাত। যকৃত আৰু জৰায়ুৰ বিভিন্ন ৰোগতো কেহৰাজ বনৰ পাত ব্যৱহাৰ কৰা হয়। কেহৰাজ বন বিশেষ কৈ চুলিৰ সৌন্দৰ্য বৰ্ধনৰ বাবে ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ বহুতো ঔষধি গুণ আছে। কেহৰাজ বনৰ ঔষধি গুণ বোৰৰ বিষয়ে জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। মাইগ্ৰেইন :-
কেহৰাজৰ পাত আৰু কোমলীয়া আগ এমুঠি ভালদৰে ধুই পটাত পিহি ৰস উলিয়াই ল’ব লাগে।এই ৰসৰ লগত সম পৰিমাণৰ ছাগলীৰ গাখীৰ মিহলাই গৰম কৰি ল’ব লাগে। এই মিশ্ৰণ ঠাণ্ডা হোৱাৰ পিছত ড্ৰপাৰৰ সহায়ত নাকৰ দুয়োফালে দুই টোপালকৈ দিব লাগে। প্ৰথমতে জ্বলা পোৰা কৰে যদিও পিছলৈ মাইগ্ৰেইনৰ বিষ নিৰাময় হয়। এই মিশ্ৰণৰ লগত এক চামোচ জালুকৰ গুৰি দি পেষ্ট বনাই বিষাই থকা কপালত প্ৰলেপ দিলে কিছু সময়ৰ পিছত মাইগ্ৰেইনৰ বিষৰ পৰা উপশম পোৱা যায়।
২)। চুলিৰ যতন :- যি সকল পুৰুষ মহিলাৰ মূৰৰ চুলি বেছি পৰিমাণে সৰিবলৈ লৈছে আৰু সৰা ঠাইত নতুনকৈ চুলি গজি উঠা নাই তেনে ব্যক্তিয়ে কেহৰাজ পাতৰ ৰস ব্যৱহাৰ কৰিব পাৰে। কেহৰাজ পাতৰ ৰস চুলি সৰা ঠাইত সানিব লাগে আৰু শুকাই যোৱাৰ পাছত পৰিস্কাৰ পানীৰে ধুই পেলাব লাগে। এইদৰে এদিন বাদে এদিন কৰিলে কিছুদিনৰ পাছত চুলি সৰা ঠাইত নতুনকৈ চুলি গজিবলৈ ধৰিব। অকালতে চুলি সৰা আৰু চুলিৰ আগ ফটা আদিতো কেহৰাজ বন উপকাৰী।
৩)। চকুৰ ৰোগ :- কেহৰাজ বন ভালদৰে ছাঁত শুকুৱাই ল’ব লাগে। শুকান পাতবোৰ গুৰি কৰি বটলত টানকৈ সাফঁৰ মাৰি থব লাগে। এই গুৰি দুই চামোচৰ লগত আধা চামোচ মৌ আৰু আধা চামোচ ঘিউ মিহলাই ৰাতি টোপনি যোৱাৰ আগতে খাব লাগে। প্ৰতিদিনে এই মিশ্ৰণটো একেৰাহে ৪০ দিন খালে সকলো ধৰণৰ চকুৰ ৰোগ নিৰাময় হয়। চকু বিষাই থাকিলে কেহৰাজ বনৰ পাত এমুঠি পৰিস্কাৰ কাপোৰত বান্ধি চকুৰ ওপৰত লগাই ৰাখিলেও বিষ ভাল হয়।
৪)। দাঁতৰ বিষ :- দাঁতৰ বিষ হ’লে কেহৰাজ বনৰ ৰস ২/৩ টোপাল বিষ হোৱা ঠাইত লগালে কম সময়ৰ ভিতৰতে বিষ ভাল হয়। এবাৰ লগাওঁতে বিষ নকমিলে দ্বিতীয় বাৰ লগাব লাগে।
৫)। উচ্চ ৰক্তচাপ :- উচ ৰক্ত চাপ থকা ব্যক্তিয়ে কেহৰাজ পাতৰ ৰস দুই চামোচৰ লগত এক চামোচ মৌ মিহলাই দিনত দুবাৰকৈ খাব লাগে। এনেদৰে এক সপ্তাহ খালে ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ নামি আহে। যদি কোষ্ঠকাঠিন্যৰ সমস্যা নাথাকে তেনেহলে এই মিশ্ৰণৰ সহায়ত ৰক্ত চাপ নিয়ন্ত্ৰণত থাকিব।
৬)। পেটৰ বিষ :- ১০ গ্ৰাম কেহৰাজ পাতৰ লগত ৩ গ্ৰাম ক’লা নিমখ মিহলাই সামান্য পৰিমানৰ পানী দি গুৰি কৰি ল’ব লাগে। এই মিশ্ৰণ চেকি লৈ দিনত ৩/৪ বাৰকৈ খাব লাগে। এই মিশ্ৰণে প্ৰচণ্ড পেটৰ বিষ নিৰাময় কৰিব পাৰে।
৭)। ডায়েৰিয়া :- কেহৰাজ বনৰ শুকান শিপা ১০০ গ্ৰামৰ সৈতে কম পৰিমাণত শুকান বেলৰ শাহ একেলগে পিহি ল’ব লাগে। ডায়েৰিয়া হোৱা ৰোগীক এই মিশ্ৰণৰ লগত পানী মিহলাই এক চামোচ পৰিমাণৰ পুৱা আৰু গধূলি খাব দিব লাগে। এই মিশ্ৰণে কলাইটিছ আৰু ডায়েৰিয়া দুয়োটা ৰোগকে নিৰাময় কৰে।
কেহৰাজ বন উপকাৰী যদিও অধিক মাত্ৰাত ইয়াৰ ৰস খালে পেটৰ সমস্যা হ’ব পাৰে। গৰ্ভৱতী মহিলা আৰু স্তন পান কৰোৱা মাতৃয়ে কেহৰাজ বনৰ ৰস খাব নালাগে। ডায়েবেটিচ ৰোগীয়ে কেহৰাজ বনৰ ৰসৰ ব্যৱহাৰ কৰা উচিত নহয়।