চেনী খায় নেকি আপুনিও। শৰীৰ ভালে ৰাখিবলৈ চেনী বা মিঠা নাখাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। কিন্তু মিঠা নহ’লে কিছুমান খাদ্য খাবলৈ সোৱাদ ময় নহয় বাবে আমি চেনী ব্যৱহাৰ কৰোঁ। অতিৰিক্ত চেনী খোৱা স্বাস্থ্যৰ বাবে অপকাৰী। যি সকলে ওজন কমাবলৈ বিচাৰে তেওঁলোকৰ বাবে চেনী অন্যতম শত্ৰু। কিন্তু শৰীৰৰ বাবে শৰ্কৰাৰ প্ৰয়োজন নাই বুলিও ক’ব নোৱাৰি। চেনী ব্যৱহাৰ কৰা হয় সোৱাদৰ বাবে। চাহৰ পৰা গাখীৰ লৈকে সকলোতে চেনীৰ ব্যৱহাৰ কৰা হয়। আনকি কিছুমান ৰান্ধা আঞ্জাতো চেনী ব্যৱহাৰ কৰা হয় সোৱাদ বৃদ্ধিৰ বাবে। কিন্তু চেনী বাদ দিলে খাদ্যত মিঠাৰ সোৱাদ কেনেকৈ আনিব পাৰি। বিশেষজ্ঞ সকলৰ মতে, চেনীৰ সলনি প্ৰাকৃতিক ভাৱে খাদ্য বস্তু মিঠাৰে সোৱাদ যুক্ত কৰি তুলিব পাৰি। এনে কিছুমান খাদ্য আছে যিবোৰ প্ৰাকৃতিক ভাৱে মিঠা। চেনীৰ সলনি ব্যৱহাৰ কৰিব পৰা প্ৰাকৃতিক ভাৱে মিঠা সোৱাদ যুক্ত খাদ্য বোৰৰ বিষয়ে জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। গুড়। :- তাল আৰু কুঁহিয়াৰৰ ৰসৰ পৰা গুড় প্ৰস্তুত কৰা হয়। আইৰণ, ভিটামিন, পটাছিয়াম, মেগনেছিয়াম সমৃদ্ধ গুড় প্ৰাকৃতিক ভাৱে মিঠা সোৱাদৰ হয়। চেনীৰ সলনি গুড় ব্যৱহাৰ কৰিলে খাদ্য বস্তুৰ সোৱাদ আৰু গুণ দুয়োটাই বৃদ্ধি পায়। চাহৰ পৰা আৰম্ভ কৰি গাখীৰ লৈকে চেনীৰ সলনি গুড় খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। যথেষ্ট পৰিমাণে গুড় নাখাই সীমিত পৰিমাণে গুড় খোৱা উচিত।
২)। মধু :- চেনীৰ সলনি মধু ব্যৱহাৰ কৰিব পাৰি। এণ্টি অক্সিডেণ্ট, খনিজ আৰু ভিটামিনেৰে সমৃদ্ধ মধু চৰ্দি কাহ ৰ বাবেও উপকাৰী। গাখীৰৰ পৰা আৰম্ভ কৰি যিকোনো খাদ্যত মিঠা সোৱাদৰ বাবে মধু ব্যৱহাৰ কৰিব পাৰি।
৩)। খেজুৰ :- মেগনেচিয়াম, পটাছিয়াম,এমাইন’ এচিড, ভিটামিনেৰে ভৰপূৰ খেজুৰৰ বহুতো উপকাৰী গুণ আছে। প্ৰতিদিন অন্তত এটাকৈ খেজুৰ খালে শৰীৰ ভালে থাকে। দ্ৰুত শক্তিৰ প্ৰয়োজন হ’লে এটা খেজুৰ চোবাই খালে উপকাৰ পোৱা যায়। খেজুৰত প্ৰাকৃতিক মিঠা সোৱাদ থকা বাবে চেনীৰ সলনি খেজুৰ পিহি গাখীৰ বা স্মুদিত ব্যৱহাৰ কৰিব পাৰি। খেজুৰেৰে চাটনিও বনাব পাৰি। চাটনিত চেনীৰ সলনি গুড় ব্যৱহাৰ কৰিলে উপকাৰ পোৱা যায়।
৪)। নাৰিকলৰ চেনী :- নাৰিকলৰ পৰা এক ধৰণৰ চেনী প্ৰস্তুত কৰিব পাৰি। নাৰিকল গছৰ ফুলৰ পৰা তৰল সংগ্ৰহ কৰি তাৰ পৰা বাদামী ৰঙৰ চেনী পাব পাৰি। স্বাস্থ্য ভালে ৰাখিবলৈ বগা চেনী খোৱাতকৈ নাৰিকলৰ গুৰি চেনী ব্যৱহাৰ কৰিব পাৰি। এই ধৰণৰ চেনীত জিঙ্ক, কেলচিয়াম, আইৰণৰ উপৰিও বহুতো খনিজ থাকে।
৫)। শুকান ডিমৰু :- ডায়েবেটিচ ৰোগীয়ে চেনী খোৱা উচিত নহয়। এই ৰোগীয়ে শুকান ডিমৰু তিয়াই খালে বহুতো উপকাৰ পায়। শুকান ডিমৰুত এণ্টি অক্সিডেণ্ট আৰু প্ৰয়োজনীয় খনিজ পোৱা যায়। খোৱা খাদ্যত মিঠা সোৱাদ আনিবলৈ শুকান ডিমৰু পানীত তিয়াই পিহি লৈ খোৱা খাদ্যত মিহলাই ল’ব লাগে।