জাতিলাউ বা পানীলাউ সাধাৰণতে গৰম দিনত হোৱা পাচলি। অসমত প্ৰচুৰ পৰিমাণে জাতিলাউ উৎপাদন হয়। জাতিলাউ সাধাৰণতে দীঘল আৰু গোল দুয়োটা ৰূপত পোৱা যায়। জাতিলাউ গছৰ আগপাত , কাণ্ড-ফুল , ফল-বীজ সকলো অংশই তৰকাৰী বনাই খাব পাৰি। প্ৰত্যেক বিধ তৰকাৰীয়ে আমাৰ শৰীৰৰ বাবে অতি পুষ্টিকৰ খাদ্য ।অসমীয়া মানুহে সাধাৰণতে মাছ-পুঠিৰে জাতিলাউৰ তৰকাৰী অতি জুতি লগাকৈ বনাই খায়। পুৰঠ হোৱা জাতিলাউ খাৰ বনাই খাবলৈও বহুত ভাল লাগে। মাছ নিদিয়াকৈ অকল জাতিলাউ বনালেও অতি সোৱাদ হয়। জাতিলাউৰ আগ তৰকাৰী বনাই খাবলৈও বহুত ভাল।
জাতিলাউত প্ৰচুৰ কাৰ্ব’হাইড্ৰেট থাকে আৰু খনিজ পদাৰ্থ থাকে। জাতিলাউ পেট ঠাণ্ডা কৰি ৰাখে। তাৰোপৰি এই পাচলি বিধে জণ্ডিছ আৰু পিত্তজনিত ৰোগতো ভাল কাম কৰে। জাতিলাউৰ কুমলীয়া পাতৰ পাচলিয়ে কোষ্ঠকাঠিন্যতা আঁতৰায় আৰু প্ৰস্ৰাৱ খোলোচা কৰাত সহায় কৰে।
কেলছিয়াম , ফছফৰাছ , পটাছিয়াম , ভিটামিন বি-১ , ভিটামিন বি -২ , ভিটামিন চি থকাৰ উপৰিও জাতিলাউত জলীয় পদাৰ্থ থাকে।
বতৰৰ এই পাচলিবিধ আমি প্ৰচুৰ পৰিমাণে খাব লাগে।বিভিন্ন ৰোগৰ পৰা আমাক সকাহ দিয়াৰ উপৰিও জাতিলাউ খাবলৈও অতি সোৱাদ যুক্ত।