বহু কথাৰ একো কাৰণ নাথাকে। মাক আৰু দেউতাকৰ ওপৰতে বিশ্বাস কৰি খোজ দিবলৈ শিকা সন্তানে যেতিয়া সেই পিতৃ মাতৃৰ হাততেই প্ৰাণ হেৰুৱাই তাতকৈ কি দুখৰ কথা হ’ব পাৰে। কাৰণ কোনেও নাজানে! মাত্ৰ অনুমানহে কৰিব পাৰি।
সন্তানৰ প্ৰথম জন্ম দিনৰ দিনাই কেন্সাৰত মাকৰ মৃত্যুৰ ঘটনাই কাৰ চকুপানি ৰখাব পাৰিব? মাক অবিহনেও সন্তানটি ভালদৰেই ডাঙৰ হ’ব। তথাপি!! এইয়া ভগৱানৰ কেনেকুৱা বিচাৰ?
অজস্ৰ পৰিয়ালত অনেক ঘটনাই ঘটি থাকে। পৰিয়াল এটালৈ দুৰ্যোগ নমাই অনা প্ৰতিটো সৰু বৰ কথাই সমাজলৈ এটা বাৰ্তা দিয়ে-আমি প্ৰকৃতিৰ উৰ্ধত নহয়। এইবোৰ ঘটনা আমি নোহোৱা কৰিব নোৱাৰো। অথচ
সকলো জানি বুজিও আমি মানুহ বাবেই হয়তো ভুল কৰো বা ভুলকৈ জীৱনটো বিচাৰ কৰো।
মানুহৰ মনবোৰত কি চিন্তা ঘূৰি থাকে কোনেও নাজানে। কিবা নোপোৱাৰ দৌৰত অনবৰতে দৌৰি থকা মানুহবোৰলৈ অস্বাভাৱিক ঘটনাবোৰ যেন একো একোটা বৰ্তাহে।
ভাৱিলে আচৰিত হওঁ, মোবাইলৰ পৃথিৱীখনে শিশুৰ পৰা বুঢালৈ কোঙা কৰি পেলোৱা সমাজতো তিনিমাহ ধৰি এটা মৃতদেহ কংকাল হৈ যোৱালৈ ঘৰৰ ভিতৰত পৰি থাকিব পাৰে! তেওঁলৈ তিনিমাহে ফোন এটা কৰা মানুহ এজন পৰিয়ালত নোলাল নে?
আমি সেইদিনবোৰত জন্ম হৈছিলো, যেতিয়া ঘৰখনলৈ দিনটোত এজনো আলহী নহাতো অস্বাভাৱিক ঘটনা আছিল। বটা ভৰাই তামোল কাটি থোৱাতো ঘৰএকোখনৰ নিয়ম আছিল । এতিয়া পৰিৱৰ্তন আহিল ঠিকেই কিন্তু পৰিণামত সমাজে হেৰুৱাই পেলালে মানৱীয়তা, ভালপোৱা আৰু মৰমৰ সম্পৰ্কবোৰ। এতিয়া ৰাস্তাৰ কুকুৰক খাবলৈ দিলে নিউজ হয়। মানুহৰ কথা নকলোৱেইবা।
অস্বাভাৱিক মৃত্যু বা ঘটনাবোৰে আমাক এটাই বাৰ্তা দিয়ে যেন- আমাৰ জীৱনবোৰ খুব খন্তেকীয়া। ফোন নকৰাকৈ হঠাতে গৈ চাহ একাপ দাবী কৰিব পৰাকৈ আমাক একোখন বন্ধুৰ ঘৰ, ওচৰ চুবুৰীয়া, পৰিয়াল বা আত্মীয় লোক লাগে, যিয়ে তেনেকৈ গ’লেও আমনি নাপায়। বৰং মনৰ কথা খুলি হাঁহিব আৰু কান্দিব পাৰে।
মোৰ ঘৰৰ দুৱাৰখন আমি সদায় খোলা ৰাখো। ফোন নকৰাকৈ অহা আলহীক বেছি ভাল পাওঁ। দুৱাৰত তলা দেখিলে কাষৰ ঘৰতে অলপ বহাচোন বুলি ক’ব পৰাকৈ আছে আমাৰ চুবুৰীয়া।
জীৱনটো তেনেই খন্তেকীয়া। বেছি জটিল কৰিবলৈ মন নাযায়! অস্বাভাৱিক মৃত্যুৱে যাতে হৰুৱাব নোৱাৰে জীয়াই থকা দিনকেইটা!