কেতিয়াবা বৰষুণ আৰু কেতিয়াবা প্ৰখৰ ৰ’দ , এনেকুৱা সময়ত নাইবা বতৰৰ সাল সলনিৰ সময়ত বহুতেই চৰ্দি জ্বৰ কাঁহত ভোগা দেখিবলৈ পোৱা যায়। ঋতু সলনিৰ সময়ত শৰীৰ সুস্থ ৰাখিবলৈ ভৰষা কৰিব পাৰে ডালচেনিত। ডায়েবেটিচৰ পৰা আৰম্ভ কৰি হাৰ্টৰ অসুখ সকলো ৰোগ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে পাক ঘৰত থকা এই মচলা বিধে। ৰাতি পুৱা খালি পেটত ডাল চেনি তিঁয়াই থোৱা পানী পান কৰিলে কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। ডালচেনিত মেগনেচিয়াম, আইৰণ, কেলচিয়াম, ফচফৰাছ, প্ৰ’টিন, ভিটামিনৰ আৰু লাইক’পেনৰ দৰে পুষ্টি উপাদান পোৱা যায় যিয়ে শৰীৰক ভিতৰৰ পৰা শক্তিশালী কৰি তুলিব পাৰে।
২)। ওজন কমাবলৈ বিচাৰিলে প্ৰতিদিনে খালি পেটত ডালচেনীৰ গুৰি বা ডাল চেনীৰ পানী পান কৰিব লাগে । ওজন কমোৱাৰ উপৰিও বিপাক ক্ৰিয়া শক্তিশালী কৰে । ভোক কমোৱাৰ উপৰিও তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব পাৰে।
৩)। কলেষ্টেৰলৰ পৰিমাণ কমাবলৈ বিচাৰিলে প্ৰতিদিনে ডাল চেনীৰ পানী পান কৰিব লাগে । কলেষ্টেৰল নিয়ন্ত্ৰণত থকাৰ লগতে হাৰ্ট সুস্থ হৈ থাকে।
৪)। ডালচেনীত এণ্টি বেক্টেৰিয়েল গুণ থকাৰ বাবে ওজন কমোৱাৰ লগতে পেট সংক্ৰান্তিও সমস্যা কমোৱাত সহায় কৰে।
৫)। ডাল চেনীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। প্ৰতিদিনে ডাল চেনী তিৱাঁই থোৱা পানী পান কৰিলে গাঁঠিৰ বিষ কমি যোৱাত সহায়ক হয়।
৬)। ডায়েবেটিচ ৰোগীৰ বাবে ডাল চেনী তিঁয়াই থোৱা পানী পান কৰা খুবেই উপকাৰী। শৰীৰৰ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত সহায় কৰাৰ লগতে ডায়েবেটিচ ৰোগীৰ বাবেও উপকাৰী।
৭)। ডাল চেনী তিঁয়াই থোৱা পানী পান কৰিলে শৰীৰৰ ইনছুলিনৰ পৰিমাণ কমি যায়।
এটা পাত্ৰত এক কাপ পানীত এডোখৰ ডাল চেনী ৫ ৰ পৰা ১০ মিনিট সময় উতলাই ল’ব লাগে। এই মিশ্ৰণত মৌজল আৰু নেমুৰ ৰস মিহলাই ল’লে বেছি উপকাৰ পোৱা যায়।
খালি পেটত ডাল চেনীৰ পানী পান কৰাৰ ফলত বিপাক ক্ৰিয়া বাঢ়ি অতি সোনকালে ওজন কমাই দিয়ে আকৌ কিছুমানৰ ক্ষেত্ৰত হজম জনিত সমস্যাৰ সৃষ্টি কৰে। সেয়েহে প্ৰথমতে কম পৰিমাণে পানী পান কৰি অৰ্থাৎ সপ্তাহত এক দুই বাৰ পান কৰি প্ৰতিক্ৰিয়া লক্ষ্য কৰি পান কৰা উচিত।