১) ভৰিৰ তলুৱাত বেজিয়ে বিন্ধাৰ দৰে ৰোগীয়ে অনুভৱ কৰে আৰু ভৰি জ্বলা পোৰা কৰে।
২) ভৰি দুৰ্বল হয় আৰু ৰোগীয়ে ভৰিৰ চেতনা নাইকিয়া হোৱা বুলি অনুভৱ কৰে।
৩) ভৰিৰ বিশেষকৈ উৰুৰ মাংসপেশী দুৰ্বল হয়।
৪) জুইৰ কাষত বহিলে হঠাতে অনুভূতি বিহীন হৈ ভৰিত পানীজোলা উঠিব পাৰে আৰু পানীজোলা ফুটিব পাৰে।
৫) ভৰিৰ মাংসপেশী দুৰ্বল হোৱাৰ বাবে ভৰিৰ আকৃতি সলনি হ’ব পাৰে আৰু খোজ কঢ়াত অসুবিধা আহি পৰে।
৬) মুখমণ্ডলৰ স্নায়ু দুৰ্বল হ’লে মুখৰ আকৃতি সলনি হৈ যাব পাৰে।
৭) স্নায়ু দুৰ্বল হোৱা বাবে ৰোগীৰ তেজত গ্লুকোজৰ পৰিমাণ কমি গলেও ৰোগীয়ে অনুভৱ কৰিব নোৱাৰে।
৮) ভৰি-হাত জিনজিনাব পাৰে।
৯) বুকুৰ ধপধপনি বাঢ়িব পাৰে।
১০) প্ৰস্ৰাৱৰ নানা সমস্যা সৃষ্টি হ’ব পাৰে।