লক্ষীমপুৰ জিলাৰ ঢকুৱাখানাৰ এখন সৰু গাঁৱত জন্ম গ্ৰহণ কৰিছিল অসমৰ সাহিত্য জগতৰ এগৰাকী উজ্জ্বল নক্ষত্র সাহিত্য অকাডেমী প্ৰাপক হোমেন বৰগোহাঞিয়ে। ডিব্ৰুগড় চৰকাৰী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ পৰৱৰ্তী শিক্ষা গ্ৰহণৰ বাবে গুৱাহাটীৰ কটন কলেজত নামভৰ্তি কৰিছিল। নিৰুপমা তামূলী বৰ্তমান সময়ৰ অসমৰ এগৰাকী বিশিষ্ট লেখিকা নিৰুপমা বৰগোহাঞি তেওঁৰ পত্নী আছিল। বিয়াৰ পিছত দুয়ো লগ হৈ ‘পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাষ’ নামেৰে এখন উপন্যাস লিখিছিল, সেইখন আছিল অসমীয়া ভাষাৰ প্ৰথম খন যুটীয়া উপন্যাস।
২০০৩চনৰ পৰা ২০১৫ চনলৈকে আমাৰ অসম বাতৰি কাকতৰ তেওঁ আছিল মুখ্য সম্পাদক। ২০১৫ চনৰ পৰা মৃত্যুৰ সময়লৈকে তেওঁ নিয়মীয়া বাৰ্তা বাতৰি কাকত খনৰ মুখ্য সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল। ২০১৫ চনত তেওঁক সাহিত্য অকাডেমী সন্মানেৰে সন্মানিত কৰা হৈছিল।
কথাশিল্পী বৰগোহাঞিয়ে অসমীয়া সাহিত্য জগতলৈ ‘সাউদৰ পুতেকে নাও মেলি যায়’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘সুবালা’,’মৎস্যগন্ধা’ আদিকে ধৰি ভালেকেইখন উপন্যাস, আত্মজীৱনীমূলক গ্ৰন্থ, প্ৰবন্ধ আদি অৱদান আগবঢ়াই থৈ গৈছে।
বিৰল ব্যক্তিত্বৰ অধিকাৰী হোমেন বৰগোহাঞিয়ে সাহিত্য জগতলৈ যোগোৱা অৱদানৰ বাবে বহুকেইটা সন্মান লাভ কৰিছিল। ২০২১ চনৰ ১২মে’ত দেহাৱসান ঘটা অসমীয়া জাতিৰ হিয়াৰ আমঠু তথা মহান সাহিত্যিক,কথাশিল্পী গৰাকীৰ ওপজা দিনত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো।