আমাৰ কেতিয়াবা দাঁতৰ বিষ হয় । অসহ্য দাঁতৰ বিষত আমি একো খাব নোৱাৰা হওঁ। দাঁতৰ বিষ হ’লে আমি লঘু আহাৰ কৰিব লাগে। কোমল বস্তু খোৱা ভাল। মৰাণ আদা আৰু ভেকুৰি চোবাই বিষ হোৱা দাঁতৰ গুৰিত কিছুসময় লগাই ৰাখিব লাগে । কেঁহৰাজ আৰু বঙালী এৰাৰ ঠাৰিৰে দাঁত ঘহা ভাল। বকুল গছৰ ছালৰ ৰস উলিয়াই মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে।বগা লাটুমণিৰ শিপাৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁত বিষ একেবাৰে নোহোৱা হয় আৰু দাঁত পোকে নাখায়। তিতাবেতৰ গাঁজ জুইত গৰম কৰি বিষোৱা দাঁতেৰে কামুৰি ৰাখিলে বিষ কমে। মহানিমৰ ছাল পুৰি তাৰ ছাইৰে দাঁত ঘহিব লাগে।
মধুৰিআমৰ পাত খুন্দি পানীত সিজাই মুখ কুলকুলিয়াব লাগে।
দাঁত পোকে খালে দাঁত আৰু দাঁতৰ গুড়ি সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে আৰু তিতা বস্তু খাব লাগে। মহানিমৰ পাত আৰু কালমেঘ পাতৰ ৰস উত্তম পথ্য। সৌৰা গছৰ ঠাৰিৰে দাঁত ঘহিলে দাঁত পোকে নাখায়। দিনত দুইবাৰকৈ লং তেল লগাব লাগে। চজিনাৰ আঠা লগোৱা ভাল। খাদ্যপ্ৰাণ ‘ঘ’ কডলিভাৰ তেল , মাছৰ কণী , গাখীৰ , মাখন , কণীৰ কুহুম খাব লাগে।
মিঠা জাতীয় বা টান বস্তু খাব নালাগে।