নয়নতৰা সকলোৰে পৰিচিত ফুল৷ এইবিধ ফুল পূজা-অৰ্চনাত ব্যৱহাৰ কৰা হয়৷ এই ফুলবিধ পূজা-অৰ্চনাত ব্যৱহাৰ হোৱাৰ উপৰিও বহুতো ঔষধি গুণেৰে ভৰপূৰ। নয়নতৰা ফুলৰ পাতে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷ সেইবাবেই ডায়েবেটিছ ৰোগীক নয়নতৰা ফুলৰ পাত চোবাই খালে উপকৃত হয়। নয়নতৰাৰ পাতৰ লগতে ফুলো ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ কোনবোৰ শাৰীৰিক সমস্যাৰ ক্ষেত্ৰত নয়নতৰা ফুলক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় জানো আহক এই প্ৰতিবেদন যোগে —
১) ডায়েবেটিছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নয়নতৰাৰ পাত আৰু ফুল দুয়োটাই উপকাৰী৷ ইয়াৰ বাবে দুই গ্ৰাম কেঁচা নয়নতৰা ফুল একাপ পানীত তিঁয়াই ৰাখি পিছদিনা পুৱা সেই পানী উতলাই আধা কৰি ল’ব লাগে।এইবা ইয়াৰে আধা পুৱা আৰু বাকীখিনি নিশা পান কৰিব লাগে। ৷ এই পানী পান কৰিলে ডায়েবেটিছ ৰোগী উপকৃত হয়৷
২) মেধা বৃদ্ধিৰ ক্ষেত্ৰত নয়নতৰা ফুল উপকাৰী৷ ছাত্ৰ-ছাত্ৰীসকলৰ যিসকলে পঢ়াশুনা ভালদৰে মনত ৰাখিব নোৱাৰে তেওঁলোকে নয়নতৰা ফুলৰ সহায় ল’ব পাৰে৷ ইয়াৰ বাবে ২ গ্ৰাম নয়নতৰা ফুলৰ মূল আৰু পাত একাপ পানীৰ সৈতে ভালদৰে সিজাই ল’ব লাগে৷ সিজাই লোৱা পানী চেকি লৈ কিছুসময় উতলিবলৈ দ’ব লাগে৷ এই পানী পুৱা আৰু গধূলি অলপ অলপকৈ খালে লাহে লাহে মেধা শক্তি বৃদ্ধি পায়।
৩) কৃমিৰ সমস্যা থাকিলে কেতিয়াবা ঔষধেও কাম নকৰে৷ এনেকুৱা হ’লে নয়নতৰা ফুলৰ শিপা আৰু পাত ৰাতি পানীত তিঁয়াই ৰাখি পিছদিনা পুৱা সেই পানী গৰম কৰি খালে কৃমিৰ সমস্যা নিৰাময় হয়৷
৪) বগাস্ৰাৱ বা লিউকোৰিয়া এবিধ ৰক্ত প্ৰৱাহিত ৰোগ৷ মহিলাসকল এই ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়।৷ এইবিধ ৰোগে আক্ৰান্ত মহিলাগৰাকীক দুৰ্বল কৰি পেলায়৷ এইৰোগ নিৰাময়ৰ ক্ষেত্ৰত নয়নতৰা ফুল আৰু ইয়াৰ পাত অতি উপকাৰী৷
৫) হঠাৎ ৰক্তচাপ বৃদ্ধি বা হ্ৰাস পোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ এনেকুৱা হ’লে নয়নতৰা ফুল বা ইয়াৰ পাত চোবাই খালে উপকাৰ পোৱা যায়৷
৬) বহুতে গাঁঠিৰ বিষৰ সমস্যাত ভোগে৷ এই সমস্যা থকা লোকে নয়নতৰাৰ পাত, ফুল আৰু শিপা উতলাই সেই পানী খালে উপকৃত হয়।
প্ৰায় সকলোৰ ঘৰতে নয়নতৰা সকলোৰ ঘৰতে নয়নতৰা ফুল দেখিবলৈ পোৱা যায়। এই ফুলবিধে সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে বহুতো উপকাৰ দিব পাৰে।