VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিয়মিত ত্ৰিফলা খায় নেকি ? হিতে বিপৰীত হ’ব পাৰে, জানো আহক

voicedesk by voicedesk
December 25, 2024
in জীৱন
নিয়মিত ত্ৰিফলা খায় নেকি ? হিতে বিপৰীত হ’ব পাৰে, জানো আহক
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

কোষ্ঠ কাঠিন্যত ভোগা লোকক এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ত্ৰিফলা খাবলৈ উপদেশ দিয়া হয়। আয়ুৰ্বেদ শাস্ত্ৰত ত্ৰিফলাৰ গুৰুত্ব অপৰিসীম। বিভিন্ন ৰোগ ব্যাধিৰ পৰা হাত সাৰি থাকিবলৈ ত্ৰিফলা খোৱা হয়। আমলখি , শিলিখা আৰু ভোমোৰা এই তিনিবিধ ফল শুকাই গুড়ি কৰি একেলগে মিহলাই ত্ৰিফলা প্ৰস্তুত কৰা হয়। গেচ , অম্বল , কোষ্ঠকাঠিন্যৰ দৰে পেটৰ বিভিন্ন সমস্যা আৰু কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে ত্ৰিফলাই। ইমান উপকাৰী গুণ থকা সত্বেও বহুতে ক’ব খোজে ত্ৰিফলা বেছি খোৱা ঠিক নহয় কাৰণ এই মিশ্ৰণত প্ৰাকৃতিক ভাৱে এনে কিছুমান উপাদান থাকে যিবোৰ বেছিকৈ খালে শাৰীৰিক সমস্যা হ’ব পাৰে। ত্ৰিফলাৰ পৰা আমাৰ কি উপকাৰ আৰু অপকাৰ হয় জানোঁ আহকচোন আমাৰ এই প্ৰতিবেদন যোগে —–

আমলখি ভিটামিন চি’ আৰু এণ্টি-অক্সিডেণ্টৰে ভৰপৃৰ। আমলখিয়ে পেটৰ সমস্যা দূৰ কৰাৰ লগতে শৰীৰত জমা হোৱা টক্সিন জাতীয় পদাৰ্থ বাহিৰ কৰি দিয়ে। ইয়াৰ উপৰি আমলখি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

শিলিখাতো এণ্টি-অক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে। পেট সুস্থ ৰাখিবলৈ শিলিখা খোৱা অতি উপকাৰী।

ভোমোৰাই কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে। তাৰোপৰি ভোমোৰা খালে পেশী শক্তিশালী আৰু হাড় মজবুত কৰিব পাৰে।

ত্ৰিফলাৰ তিনিওবিধ ফলে উপকাৰী গুণেৰে ভৰা যদিও বহুতৰ মতে ত্ৰিফলা বেছি খোৱা ঠিক নহয় কাৰণ এই মিশ্ৰণটোত থকা প্ৰাকৃতিক উপাদান সমূহে পেটৰ সমস্যা কৰিব পাৰে। ডায়েৰীয়াৰ সমস্যাত ভূগিব পাৰে বা অন্তঃসত্বা বা স্তনপান কৰোৱা মহিলাই ত্ৰিফলা খালে শাৰীৰিক সমস্যা দেখা দিব পাৰে।
বহুতো উপকাৰী গুণেৰে ভৰপূৰ ত্ৰিফলা পৰিমিত পৰিমাণে খোৱা প্ৰয়োজনীয়। ৰাতিপুৱা একেবাৰে খালি পেটত বা ৰাতি আহাৰ গ্ৰহণ কৰাৰ পিছত ত্ৰিফলা নাখাই দুবাৰ আহাৰ গ্ৰহণ কৰাৰ মাজৰ সময় ছোৱাত ত্ৰিফলা খোৱা উচিত।

Previous Post

অতীন্দ্ৰিয়বাদী কবি নলিনী বালা দেৱীৰ সোঁৱৰণত

Next Post

সোণতকৈও দামী ফলবিধৰ বিষয়ে জানে নে? ঐশ্বৰিক ফলবিধৰ বিষয়ে জানো আহক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
সোণতকৈও দামী ফলবিধৰ বিষয়ে জানে নে? ঐশ্বৰিক ফলবিধৰ বিষয়ে জানো আহক

সোণতকৈও দামী ফলবিধৰ বিষয়ে জানে নে? ঐশ্বৰিক ফলবিধৰ বিষয়ে জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7