পাঁচপতীয়া আলু
বৈজ্ঞানিক নাম :- Dioscoreapen Taphylla Linn
পাতৰ ঠাৰিত পাঁচখন পাত সংলগ্ন হৈ থাকে কাৰণে ইয়াক পাঁচপতীয়া কোৱা হয়। পাতৰ ঠাৰিত সৰু সৰু কাঁইট থাকে। পাত আয়তকাৰ। মাটিৰ তলত হোৱা আলু প্ৰায় গোলাকাৰ আৰু আলুত শিপা থাকে। এই আলু খাদ্য হিচাপে আৰু ঔষধ হিচাপে ব্যৱহাৰ হয়। জানো আহকচোন পাঁচপতীয়া আলুৰ বিষয়ে—-
১) পাঁচপতীয়া আলু পুষ্টিকৰ আৰু বিভিন্ন খাদ্য উপাদানেৰে ভৰপূৰ।
২) এই আলুত শ্বেতসাৰ আৰু লৌহ পদাৰ্থ যথেষ্ট পৰিমাণে থাকে।
৩) নিয়মীয়াকৈ এই আলু সিদ্ধ কৰি বা ভাজি খালে ক্ষীণকায় লোক শকত -আৱত হয়।
৪) পাঁচপতীয়া আলু খালে ৰক্তহীনতা দূৰ হয়।
৫) এই আলু টনিকৰ কাম কৰে।
৬) বাতবিষ , এজমা , এলাৰ্জি ৰোগত এই আলুৱে ঔষধৰ কাম কৰে।
৭) পাঁচপতীয়া আলু জন্ম নিয়ন্ত্ৰণত সহায় কৰে।