বৰ্তমান সময়ত ইউৰিক এচিডৰ সমস্যা প্ৰায় বেছিভাগ লোকৰে হোৱা দেখিবলৈ পোৱা যায়। শৰীৰৰ তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি গ’লে গাঠিৰ বিষ, কিডনীৰ ৰোগ, হাৰ্ট এটেক আদিৰ সমস্যাই দেখা দিয়ে। ইউৰিক এচিড হ’ল শৰীৰৰ এক ধৰণৰ পিউৰিন যি প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। কেতিয়াবা শৰীৰত অতিৰিক্ত ইউৰিক এচিড জমা হয় আৰু কেতিয়াবা কিডনীয়ে শৰীৰৰ পৰা ইউৰিক এচিড বাহিৰলৈ উলিয়াই দিব নোৱাৰে। তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি গ’লে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
কিছুমান সেউজীয়া পাতে শৰীৰৰ পৰা ইউৰিক এচিড বাহিৰ কৰি দিব পাৰে আৰু লগতে ইউৰিক এচিডৰ বাবে হোৱা গাঠিৰ বিষ নোহোৱা কৰিব পাৰে। এনে কিছুমান ঔষধি গুণ যুক্ত গছৰ পাত আছে যিবোৰ খালে তেজত শৰ্কৰাৰ পৰা আৰম্ভ কৰি ইউৰিক এচিডৰ দৰে ৰোগৰ পৰা মুক্তি দিব পাৰে। কোনবোৰ সেউজীয়া পাত খাদ্য তালিকাত ৰাখিলে এই ৰোগবোৰৰ পৰা হাত সাৰি থাকিব পাৰি জানো আহক এই প্ৰতিবেদন যোগে —
১) ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰাৰ উপৰিও ধনীয়া পাত আমি চাটনি বনাই খাওঁ। খাদ্যত সোৱাদ বৃদ্ধি কৰাৰ লগতে শৰীৰৰ ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিব পাৰে ধনীয়া পাতে। ধনীয়া পাতত প্ৰদাহ জনক বৈশিষ্ট থকা বাবে ইউৰিক এচিডৰ বাবে হোৱা গাঠিৰ বিষৰ পৰা সকাহ দিব পাৰে।
২) পান-তামোল প্ৰতিজন অসমীয়াই চিনি পায়। পান চোবাই খালে শৰীৰৰ পিউৰিনৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। তাৰ ফলত ইউৰিক এচিডৰ পৰা ৰেহাই পাব পাৰি। পান চোবাই খোৱাৰ ফলত শৰীৰৰ পৰা বিষাক্ত দ্ৰব্য সহজতে বাহিৰলৈ ওলাই যায়।
৩) চজিনাৰ পাত খালেও শৰীৰত ইউৰিক এচিডৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে।
৪) ইউৰিক এচিড থকা ব্যক্তিয়ে নৰসিংহৰ পাত খালেও উপকাৰ পায়।
৫) পদিনাৰ পাত ইউৰিক এচিডৰ বাবে খুবেই কাৰ্যকৰী।
যি কোনো এবিধ গছৰ সতেজ পাত আনি পৰিষ্কাৰকৈ ধুই গোটেই ৰাতি পানীত তিঁৱাই থব লাগে। ৰাতিপুৱা পাতবোৰ গ্ৰাইণ্ডাৰত পিহি ল’ব লাগে। পিহি লোৱা পেষ্ট এক গিলাচ পানীত উতলাই আধা গিলাচ হোৱালৈকে উতলাই থাকিব লাগে। ঠাণ্ডা হোৱাৰ পিছত পান কৰিলে উপকাৰ পোৱা যায়।
আমি বিভিন্ন ধৰেণেৰে এই সেউজীয়া পাতবোৰ খাওঁ আৰু বহুতো উপকাৰ পাওঁ যদিও এই পদ্ধতিৰে পান কৰিলে যথেষ্ট উপকাৰ পোৱাৰ লগতে ইউৰিক এচিডৰ পৰা হাত সাৰি থাকিব পাৰি।