পাতৰ পৰা গছ হয় বাবে ইয়াক পাতেগজা বুলি কোৱা হয়। পাত বিলাক যথেষ্ট ডাঠ আৰু দেখিবলৈ ধুনীয়া।ফুল দীঘলীয়া সৰু জোঙা আকৃতিৰ , বীজ সৰু আৰু মিহি। শীতকালত ফুল আৰু গ্ৰীষ্মকালত ফল পুৰঠ হয়।পুৰঠ পাত মাটিত পৰিলেই তাৰ পৰা পুলি ওলায়। বহুতো ঔষধি গুণেৰে ভৰপূৰ পাতেগজাৰ বিষয়ে জানো আহকচোন এই প্ৰতিবেদন যোগে —-
১) পাতেগজাই বৃক্কত হোৱা পাথৰ ভাঙি উলিয়াব পাৰে।
২) পাতেগজাই জণ্ডিচত হোৱা প্ৰস্ৰাৱ স্বাভাৱিক কৰে।
৩) প্ৰস্ৰাৱ জ্বলা-পোৰা , মূত্ৰাঘাত , যোনি ৰোগ , প্ৰমেহ , প্লীহা , যকৃত ৰোগ আৰু অৰ্শ ৰোগৰ বাবে উপকাৰী।
৪) বহুমূত্ৰ , পেটফুলা , পেটৰ বিষ , গলব্লাডাৰ ষ্ট’ন আদি ৰোগত পাতেগজা উপকাৰী।
৫) মৃগীৰোগ , জ্বৰ , শিশুৰ প্ৰস্ৰাৱ বন্ধ হ’লে পাতেগজা ঔষধৰ কাম কৰে।
৬) পাতেগজাই কাঁইট উলিয়াব পাৰে।
৭) কলেৰা ৰোগত প্ৰস্ৰাৱ নহ’লে পাতেগজাৰ পাত তিনি-চাৰিখন খালেই প্ৰস্ৰাৱ হয়।
৮) পাতেগজাৰ পাতে ওকণী মাৰিব পাৰে।