বকফুল সকলোৰে চিনাকি গছ। পাতবোৰ তেতেলীৰ পাতৰ দৰে কিন্তু অলপ ডাঙৰ ।ফুলবোৰ পলাশ ফুলৰ দৰে। বক ফুল ভাজি খোৱাৰ লগতে পকৰি বনাই খালে বেছি সোৱাাদযুক্ত হয়। মিক্স ছবজিত দিও বকফুল খাব পাৰি। বকফুলৰ উপৰিও বকফুলৰ পাতত জ্বলা , তিতা আৰু মিঠা ৰস থাকে বাবে ই বহুত ঔষধি গুণেৰে ভৰপুৰ। বকফুল খালে আমাৰ কি কি উপকিৰ হয় জানো
আহকচোন এই প্ৰতিবেদন যোগে —-
১) বকফুল ক্ৰিমি , কফ, বিষ দোষ আৰু ৰক্তপিত্তৰ বাবে উপকাৰী।
২) বকফুল লঘুপাকী খাদ্য। বকফুলে বুদ্ধি আৰু স্মৃতিশক্তি বৃদ্ধি কৰে।
৩) ম’হৰ দৈৰ লগত বকফুলৰ চূৰ্ণ মিহলাই শৰীৰত মালিচ কৰিলে শৰীৰত হোৱা ব্ৰণ ভাল হয় , গা ফটা ভাল হয় আৰু শৰীৰৰ ছাল নিমজ হয়।
৪) বকফুলৰ পাত বা ফুল ঘিউত ভাজি খালে কুকুৰিকণা বেমাৰ ভাল হয়।
৫) বকফুলৰ পাতৰ চূৰ্ণ মৃগী ৰোগৰ উপকাৰী।
৬) নাক সোপা মাৰি ধৰা আৰু মূৰৰ বিষৰ বাবে বকফুল আৰু বকফুলৰ পাত উপকাৰী।
৭) বকফুলৰ শিপাৰ ৰস মৌৰ লগত মিলাই খালে পুৰণি কফ ভাল হয়।
আহকচোন প্ৰাকৃতিক ভাবে উপলদ্ধ ঔষধি গুণেৰে ভৰপূৰ খাদ্য সমূহৰ যোগেদি আমিও সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হওঁ।