জেকা মাটিত বগাই যোৱা এবিধ শাক-বন জাতীয় উদ্ভিদ টেঙেচি শাক। পাতৰ ঠাৰি দীঘল, ফুল হালধীয়া ধৰণৰ ।ফল দীঘল। টেঙেচিৰ পাত , ঠাৰি , গা-গছ খাবলৈ টেঙা। টেঙেচিৰ পাতৰ ৰস উলিয়াই ৰান্ধি খব পাৰি। কিছুমানে মাছৰ সৈতে জোল বনাই খায়। বহুতে টেঙেচিৰ পাত চোবাই চোবাই খোৱা দেখা যায়। শীতকালত টেঙেচি শাকৰ বীজ লাগ। টেঙেচি শাক বহুতোতঔষধি গুণেৰে ভৰপূৰ। জানো আহকচোন আজি টেঙেচি শাকৰ বিষয়ে—-
১) টেঙেচি শাক কফ নাশক। টেঙেচি শাক গ্ৰহণী , পেটচলা , পেটৰ বিষ আদি ৰোগৰ বাবে উপকাৰী।
২) ৰাজহাড়ৰ তলৰ অংগত কঁকালৰ বিষ , প্ৰস্ৰাৱ কষ্ট, প্ৰস্ৰাৱ কমকৈ হোৱা , ছালৰ খজুৱতি , অৰুচি , মূৰৰ বিষ আদি ৰোগত ঔষধৰ কাম কৰে।
৩) ছালৰ সৌন্দৰ্য বৰ্ধনত টেঙেচিয়ে সহায় কৰে।
৪) টেঙেচি টেঙা কুষ্ঠৰোগ , পুৰণি জ্বৰ , উচ্চ ৰক্তচাপ , বহুমূত্ৰ আদি ৰোগৰ বাবে উপকাৰী।
৫) টেঙেচি শাক খালে স্মৃতি শক্তি বৃদ্ধি হয়।
৬) নিদ্ৰাহীনতা , শ্বাসকষ্ট আদি টেঙেচি টেঙা খালে উপকাৰ পোৱা যায়।
৭) টেঙেচি টেঙাইমদৰ নিচা নোহোৱা কৰে।
৮) বিষাক্ত পোকে কামুৰিলে টেঙেচিৰ ৰস লগালে বিষ উপশম হয়।
৯) টেঙেচি টেঙা খালে দুশ্চিন্তা নোহোৱা হয়।
বাৰীত সহজতে পোৱা টেঙেচি টেঙা আমি কেঁচাই হওঁক বা ৰান্ধিয়ে হওঁক খোৱা অতি প্ৰয়োজনীয়।