বেল এবিধ পৱিত্ৰ ফল। বেল হৈছে এক সুস্বাদু ঔষধি গুণেৰে ভৰপূৰ পুষ্টিকৰ ফল। পকা বেল মিঠা -সুগন্ধি আৰু শীতল হোৱাৰ লগতে শক্তিদায়ক আৰু বিভিন্ন ৰোগ প্ৰতিষেধক। বেলপাত ভগৱান শিৱৰ সৈতে সম্পৰ্ক থকা এবিধ পাত। ভগৱান শিৱৰ বেলপাত প্ৰিয় বাবে এই পাতেৰে শিৱক পূজা কৰা হয়। বেলপাত পূজাত ব্যৱহাৰ হ’লেও ইয়াৰ বহুত উপকাৰীতা আছে। বেলপাত তিনিপতীয়া বাবে ইয়াক ত্ৰিপত্ৰ আৰু সুগন্ধিযুক্ত হোৱা বাবে গন্ধ পত্ৰও বোলা হয়। বেলৰ উপকাৰীতাৰ বিষয়ে আমি প্ৰায় সকলোৱে জানো কিন্তু বেল পাতৰো যে উপকাৰ আছে সেই বিষয়ে জানো আহক আমাৰ এই প্ৰতিবেদন যোগে ——-
১) চকুৰ কাৰণে বেলপাত উপকাৰী। গ্ৰীষ্মকালত প্ৰায় ভাগ লোকেই চকুৰ সংক্ৰমণ জৰিত ৰোগত ভোগা দেখা যায়। এই সংক্ৰমণৰ ফলত চকুৰ খজুৱতিও হয়। চকুৰ খজুৱতি দূৰ কৰিবলৈ জালুকৰ সৈতে নিমখ মিহলি কৰি বেলপাত খালে যথেষ্ট আৰোগ্য লাভ কৰিব পাৰি।
২) মুখৰ ঘা’ৰ বাবেও বেলপাত উপকাৰী। কেতিয়াবা আমাৰ মুখৰ ভিতৰত ঘা ‘ হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বেলপাত আৰু সেউজীয়া ধনীয়াৰ পাত মিহলি কৰি পেষ্ট বনাই খালে আৰাম পোৱা যায়।
৩) গেষ্টিকৰ সমস্যাৰ বাবেও বেলপাত উপকাৰী। গেছৰ সমস্যা দূৰ কৰিবৰ বাবে জালুকৰ সৈতে নিমখ মিহলি কৰি বেলপাত খালে যথেষ্ট উপকাৰ পোৱা যায়।
৪) ঠাণ্ডা দিনত কাঁহত আক্ৰান্ত হ’লে বেল পাতৰ ৰসৰ সৈতে মৌ মিহলি অৰি খালে কাঁহ নিৰাময় হয়।
৫) গাৰ পৰা বেয়া গোন্ধ ওলালে বা ঘাম জনিত কাৰণত গা গোন্ধালে বেলপাতৰ ৰস উলিয়াই পানীত মিশ্ৰণ কৰি ল’ব লাগে। গা ধোৱাৰ আগতে মিশ্যণ খিনি গা’ত ভালদৰে মালিচ কৰি আধাঘণ্টা পিছত ঠাণ্ডা পানীৰে গা ধুই দিব লাগে। এনে কৰিলে গা’ৰ গোন্ধ নোহোৱা হয়।
৬) মূৰৰ বিষত বেলপাত পিহি কপালত প্ৰলেপ দিলে বিষ নিৰাময় হয়। আৰু বেলপাতৰ ৰসৰ লগত চেনি মিহলাই সেৱন কৰিলে গাঠিৰ বিষ নোহোৱা হয়।
৭) জ্বৰত ৰোগীয়ে প্ৰলাপ বকিলে বেলপাত পিহি মূৰত ভৰণ দিলে সুফল পোৱা যায়।
৮) বেলপাতৰ ৰসৰ লগত অকণমান সৈন্ধৱ লৱণ মিহলাই খালে যকৃতৰ ৰোগ উপশমত সহায়ক হয়।
৯) বহুমূত্ৰ ৰোগীয়ে এখিলা সতেজ বেলপাতৰ ৰসৰ লগত আধা চামুচ মৌ জল মিহলাই দিনত দুইবাৰ সেৱন কৰিলে সুফল লাভ কৰিব পাৰে।
১০) অৰ্শ ৰোগীয়ে ৩/৪ টা মান বেলপাত কঁকালত বান্ধি ৰাখিলে তেজ পৰা বন্ধ হোৱাৰ লগতে অৰ্শ ৰোগ নিৰাময় হয়।
১১) বেলপাত ঘিউত ভাজি সেই ঘিউৰে কপালত মালিচ কৰিলে বহুদিনীয়া মূৰৰ বিষ ভাল হয়।
১২) নিউমোনিয়া , বাত বিষ , বুকুৰ বিষ আদিত বেলপাতৰ ৰস প্ৰতিদিনে ১ চামুচকৈ ২ বাৰ ১ সপ্তাহ সেৱন কৰিলে সুফল পোৱা যায়।
বেল এবিধ পৱিত্ৰ গছ হোৱাৰ উপৰিও পাত , ফুল , শিপা আৰু ফল সকলোতেই ঔষধি গুণেৰে ভৰপূৰ হোৱা বাবে প্ৰতেকৰ ঘৰতে একোজোপা বেল গছ থকাটো অতি প্ৰয়োজনীয়।