শৰীৰৰ অন্য অঙ্গৰ যেনেকৈ যতন লোৱা হয় , ঠিক তেনেকৈ ভৰি দুখনৰো যতন লোৱা প্ৰয়োজন। আমাৰ ভৰি দুখনক সুন্দৰ আৰু ৰোগমুক্ত কৰি ৰাখিব পাৰিলেহে শৰীৰ সৰ্বাঙ্গ সুন্দৰ হব। আমি ভৰি দুখন সুন্দৰ কৰি ৰাখিবলৈ হলে
১) উৰুৰ পৰা তলৰ অংশ মাজে সময়ে মালিচ আৰু ব্যায়াম কৰিব লাগে । এনে কৰিলে মেদবহুল নহয়।
২) পুৱা-গধূলি নেমুৰ ৰস মিহলোৱা পানীৰে পৰিষ্কাৰকৈ ধুলে ভৰি দুখন দেখিবলৈ ধুনীয়া হয়।
৩) কুহুমীয়া গৰম পানীত নাৰিকল তেল মিশ্ৰণ কৰি ভৰিৰ গোৰোহা ধুলে গোৰোহা নাফাটে।
৪) ছালকুৱঁৰীৰ বীজল গোৰোহা ফটাত লগালে উপকাৰ পোৱা যায়।
৫) বৰগছ বা আঁহত গছৰ আঠা ভৰিৰ গোৰোহাৰ ফটা স্থানত লগালে ফটা বন্ধ হয় আৰু ছালখন নিমজ হয়।
৬) এৰা গুটিৰ তেল , বিশুদ্ধ সৰিয়হৰ তেল সমান পৰিমাণৰ লৈ সামান্য গৰম কৰি গোৰোৱাত মালিচ কৰিলে ছাল নিমজ আৰু সুন্দৰ হয়।
৭) ভৰিৰ গোৰোহাৰ ছাল নাফাটিবৰ বাবে ‘ভিটামিন চি’ যুক্ত ফলমূল বিশেষকৈ আমলখি , শিলিখা , নেমু , ৰবাব টেঙা , কমলা আদি খাব লাগে।
৮) মহানিম , পালেংশাক , চুকাশাক , চজিনা , নৰসিংহ , বিলাহী , বন্ধাকবি , ধনিয়াৰ পাত , ঔটেঙা আদি নিয়মীয়াকৈ খালে উপকাৰ পোৱা যায়।
৯) মৌ , পকা অমিতা , পকা আম , পকা কল ভৰিৰ ছালত সানিলে ছাল দেখিবলৈ শুৱনি হয়।
১০) কমলা টেঙাৰ বাকলি গুড়া কৰি নাৰিকল তেল মিহলাই ভৰিত সানিলে ছালৰ ৰং সুন্দৰ হয়।
১১) ভৰিৰ নখ ভালকৈ ৰাখিবলৈ কেলচিয়াম যুক্ত খাদ্য যথেষ্ট পৰিমাণে খাব লাগে।
১২) জেতুকাৰ পাত , ডালিমৰ কোঁহ , মধুৰীৰ কোঁহ , চাহ পাতৰ কোঁহ , কেহৰাজ , এডোখৰ কেঁচা হালধি আৰু দুফোটা নহৰু ভালদৰে পিহি ছালত আৰু নখত লগালে গোৰোহা আৰু নখ ৰোগ মুক্ত হৈ দেখিবলৈ ধুনীয়া হয়।