৩০ বছৰ অতিক্ৰম কৰাৰ পিছতেই মহিলাৰ শৰীৰত বিভিন্ন ধৰণৰ খনিজ উপাদান বোৰৰ অভাৱ হ’বলৈ ধৰে। হাড় দুৰ্বল হৈ যোৱাৰ লগতে শৰীৰত ক্লান্তি ভাব বাঢ়ে। এই সময়ত খুবেই জৰুৰী হৈ পৰে মেগনেচিয়াম। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ বিচাৰিলে মেগনেচিয়াম সমৃদ্ধ খাদ্য খোৱা অতি প্ৰয়োজনীয়। ভোক নলগা, ভাগৰুৱা ভাৱ আঁতৰি যোৱা, অনিদ্ৰাৰ সমস্যা আদিৰ সমাধানৰ বাবে মেগনেচিয়াম অতি জৰুৰী। বয়স বাঢ়ি অহাৰ লগে লগে মহিলা সকলোৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিবলৈ ধৰাৰ লগতে ঋতু বন্ধৰ সমস্যা আহি পৰে। ঋতু বন্ধ বা মনোপ’জৰ সময়ত হ’ৰমনৰ পৰিমাণ উঠা নমা কৰাৰ বাবে শৰীৰত বিভিন্ন সমস্যাই দেখা দিবলৈ ধৰে। গতিকে এই সময়ত মেগনেচিয়ামেৰে ভৰপূৰ খাদ্য খোৱা উচিত । মহিলা সকলোৰ বাবে মেগনেচিয়াম কিয় ইমান জৰুৰী জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। মাহেকীয়া বা ঋতু স্ৰাবৰ সময়ত বহুতেই তল পেটৰ বিষৰ যন্ত্ৰনাত ভোগা দেখিবলৈ পোৱা যায়। ঋতুস্ৰাৱ জনিত কাৰণত শৰীৰ ভাগৰুৱা হোৱা আৰু ঘনে ঘনে মেজাজ সলনি হোৱা সমস্যাৰ সৃষ্টি হয়। মেগনেচিয়াম যুক্ত খাদ্য ই এই সকলো সমস্যাৰ পৰা আতৰাই ৰাখিব পাৰে।
২)। ৪০ বছৰ অতিক্ৰম কৰাৰ পিছত বহুতো মহিলাৰ অনিদ্ৰাৰ সমস্যা হয়। দৈনন্দিন জীৱন যাপনত উদ্বেগ, দুঃচিন্তা আদি বাঢ়ে। গতিকে এই সময়ত মেগনেচিয়াম অতি প্ৰয়োজনীয়। শৰীৰত সঠিক পৰিমাণে মেগনেচিয়াম মেলাট’নিন তৈয়াৰ হ’লে টোপনিৰ সমস্যা নহয় আৰু টোপনি ভাল হয়।
৩)। হাড়ৰ ক্ষয় ৰোধ কৰি হাড় সুস্থ কৰি ৰাখিব পাৰে মেগনেচিয়ামে। প্ৰতিদিনৰ খাদ্য তালিকাত মেগনেচিয়াম সমৃদ্ধ খাদ্য ৰাখিলে বাত বিষ, গাঁঠিৰ বিষ আদিৰ যন্ত্ৰনাৰ পৰা মুক্তি পাব পাৰি।
৪)। মেগনেচিয়ামৰ অভাৱে শৰীৰৰ প্ৰদাহ জনিত সমস্যা দূৰ কৰে।
৫)। ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাতো মেগনেচিয়ামৰ ভূমিকা গুৰুত্বপূৰ্ণ।
৬)। এজমা , শ্বাস কষ্ট জনিত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰে মেগনেচিয়ামে।
কি কি খাদ্যৰ পৰা আমাৰ শৰীৰে মেগনেচিয়াম লাভ কৰিব পাৰে জানো আহক
জোৱাৰৰ পৰা তৈয়াৰ কৰা ৰুটিত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম থাকে। বাটাৰ, ওটচ, পালেং শাক, মটৰ মাহ, ভেন্দি আদি খালে মেগনেচিয়ামৰ অভাৱ পূৰণ কৰিব পাৰে। ব্ৰ’কলিত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম আৰু এণ্টি অক্সিডেণ্ট থাকে। অঙ্কুৰিত বুটমাহ পালেও মেগনেচিয়াম পোৱা যায়। কাঠবাদামত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম থাকে। প্ৰতিদিনে তিয়াই থোৱা কাঠবাদাম দুটাকৈ খালেও উপকাৰ পোৱা যায়।
গতিকে বয়স বৃদ্ধিৰ লগে লগে মহিলা সকলোৰ শৰীৰত মেগনেচিয়ামৰ অভাৱ যাতে নহয় তাৰ বাবে সচেতন থাকিব লাগে।