অকণমান জ্বলা -মচলা খালেই এচিডিটি হয় নেকি ! বহুতৰে ৰাতিপুৱা শুই উঠাৰ পিছতেই মুখেৰে টেঙা পানী ওলায় । আকৌ কিছুমানৰ সকলো সময়তে বুকু জ্বলা -পোৰা কৰি থাকে। উগাৰ অহাৰ উপৰিও গ্যেছ -অম্বল আদিৰ সমস্যা থাকেই। ৰাতি টোপনি ক্ষতি বা খোৱাৰ খেলিমেলিৰ বাবেও এই সমস্যাবোৰে আগুৰি ধৰে। এচিডিটি , বুকু জ্বলা , উগাৰ অহা আদিৰ পৰা পৰিত্ৰাণ পাবলৈ আছে কিছুমান ঘৰুৱা সহজ উপায়। এই উপায় বোৰৰ বিষয়ে জানো আহকচোন এই প্ৰতিবেদন যোগে —
১) শৰীৰ ঠাণ্ডা কৰি ৰাখিব পাৰে ডাবৰ পানীয়ে। এচিডিটিৰ সমস্যাত ভূগি থকা ব্যক্তিৰ বাবে ডাবৰ পানী অতি উপকাৰী। ডাবৰ পানী পান কৰিলে এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।
২) এচিডিটি হ’লে বহুতে আকৌ কল্ড ড্ৰিঙ্কচ খোৱা পচন্দ কৰে। কাৰণ এই পানীয়ত থকা ছোডাই এচিডিটি কমাব পাৰে। কিন্তু ইয়াত উপকাৰতকৈ অপকাৰ হে বেছি হয়। তাৰ পৰিবৰ্তে গ্ৰীণ’টি বা হাৰ্বেল’টি খোৱা উচিত। গ্ৰীণ’টি বা হাৰ্বেল’টি ত থকা এণ্টি-অক্সিডেণ্টে এচিডিটিত পোৱা কষ্টৰ পৰা মুক্তি দিব পাৰে।
৩) ঠাণ্ডা গাখীৰ খোৱা খুবেই উপকাৰী। এচিডিটিৰ সমস্যাত ভূগি থকা ব্যক্তিয়ে প্ৰতিদিনে এগিলাচ ঠাণ্ডা গাখীৰ পান কৰা উচিত।
৪) নিয়মিত ধূমপান কৰিলে এচিডিটিৰ সমস্যা বৃদ্ধি হয়। ধূমপান কৰাৰ অভ্যাস থকা ব্যক্তিয়ে এই অভ্যাস কমালে এচিডিটিৰ সমস্যাও কমি আহিব।
৫) পদিনাৰ পাত নেচাৰেল কুলাৰৰ দৰে কাম কৰিব পাৰে। কেইখিলা মান পদিনাৰ পাত পানীত উতলাই ঠাণ্ডা কৰি ল’ব লাগে। প্ৰতিদিন আহাৰ গ্ৰহণ কৰাৰ পিছত এই পানী পান কৰিলে উপকাৰ পোৱা যায়। পদিনা পানী পান কৰাৰ ফলত লাহে লাহে এচিডিটিৰ সমস্যা কমি আহিবলৈ ধৰে।
৬) এচিডিটিৰ অন্যতম সমস্যা হ’ল বুক জ্বলা-পোৰা কৰা। মুখত লং লৈ থাকিলে বুকু জ্বলা পোৰা কৰাৰ সমস্যাৰ পৰা উপকাৰ পোৱা যায়।
৭) সেউজীয়া শাক-পাচলি বেছিকৈ খালে এচিডিটিৰ সমস্যা বহুখিনি কম হয়। চজিনা , বীন , কোমোৰা, বান্ধাকবি, গাজৰ , পিয়াজৰ ঠাৰি জাতীয় পাচলি খালে এই সমস্যা কমি যোৱাত সহায়ক হয়।
এইবোৰ অতি সাধাৰণ কথা যদিও এই নিয়মবোৰ মানি চলিলে এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ঘৰুৱা উপায়েৰে এচিডিটিৰ সমস্যাৰ পৰা ৰেহাই নাপালে চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।