শীতকালিন বিভিন্ন শাক পাচলিৰ ভিতৰত এবিধ শাক হৈছে লাই শাক ।
সেউজীয়া লাই হৈছে আমি খাব পৰা আটাইতকৈ পুষ্টিকৰ খাদ্যসমূহৰ ভিতৰত অন্যতম ।
লাই শাকত কেলৰি কম যদিও আঁহ আৰু বহুতো প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। বিশেষকৈ, এই শাকবিধ ভিটামিন চি আৰু কে’ৰ এক উৎকৃষ্ট উৎস ।লাই শাক খালে কি কি উপকাৰ পোৱা যায় জানোঁ আহক আমাৰ এই প্ৰতিবেদন যোগে —-
১) ৰোগ প্ৰতিৰোধী এন্টিঅক্সিডেন্টৰে সমৃদ্ধ লাই শাক। এন্টিঅক্সিডেন্ট হৈছে প্ৰাকৃতিকভাৱে পোৱা উদ্ভিদৰ যৌগ যিয়ে অতিৰিক্ত ফ্ৰী ৰেডিকেলৰ ফলত হোৱা অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰাত আমাৰ শৰীৰক সহায় কৰে।
ফ্ৰী ৰেডিকেল হৈছে অস্থিৰ অণু যিয়ে আমাৰ কোষক ক্ষতি কৰিব পাৰে। বিভিন্ন গৱেষণাৰ পৰা প্ৰমানিত হৈছে যে সময়ৰ লগে লগে এই ক্ষতিৰ ফলত গুৰুতৰ, দীৰ্ঘদিনীয়া অৱস্থা, যেনে হৃদৰোগ, কেন্সাৰ, আৰু এলঝেইমাৰ ৰোগ প্ৰতিৰোধত সহায় কৰে।
২) লাই শাক ভিটামিন কেৰ উৎকৃষ্ট উৎস। কেঁচা আৰু আঞ্জা বনোৱা লাই শাক দুয়োটাতেই প্ৰচুৰ পৰিমাণে ভিটামিন কে’ পোৱা যায় ।
ভিটামিন কে ‘তেজ জমা হোৱাত সহায় কৰে আৰু হৃদযন্ত্ৰ আৰু হাড়ৰ স্বাস্থ্যৰ বাবেও ইয়াক অপৰিহাৰ্য বুলি প্ৰমাণিত হৈছে।
শেহতীয়াকৈ কৰা গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে ভিটামিন কেৰ অভাৱৰ ফলত মগজুৰ স্বাস্থ্যৰ বৃহৎ ক্ষতি হয় । অপৰ্যাপ্ত ভিটামিন কেৰ সৈতে মগজুৰ কাৰ্য্যক্ষমতা হ্ৰাস, ডিমেনচিয়া, আৰু এলঝেইমাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
৩) লাই শাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।
ঠাণ্ডা দিনত সেমেকা জলবায়ুৰ বাবে বিভিন্ন ৰোগে শৰীৰক আগুৰি ধৰা দেখা যায় । ইয়াৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ প্ৰচুৰ হোৱাটো অতি দৰকাৰী । এই ক্ষমতা বৃদ্ধি কৰিবৰ বাবে খাদ্য তালিকাত লাই শাক সংযোগ কৰিব লাগে।
ইয়াৰ উপৰিও লাই শাকত ভিটমিন এ’ থকা বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।
৪) হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উপকাৰ সাধন কৰে লাই শাকে। হৃদ যন্ত্ৰ সুৰক্ষিত কৰিবলৈ লাই শাক খাব লাগে। এইবিধ শাকত কফ্লেভন’ইড আৰু বিটা কেৰটিনৰ দৰে এন্টিঅক্সিডেন্ট থকাৰ বাবে পাতল সেউজীয়া লাই শাক অধিক পৰিমাণে গ্ৰহণ কৰিলে হৃদৰোগৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায় ।
আন শাক-পাচলিৰ দৰেই লাই শাকতো এনে যৌগ থাকে যিয়ে পাচনতন্ত্ৰত পিত্ত এচিড বান্ধি ৰখাত সহায় কৰে। এইটো আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো পিত্ত এচিডৰ পুনৰ শোষণ ৰোধ কৰিলে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায় ।
৫) লাই শাক খালে চকুৰ স্বাস্থ্য উন্নত হয়। লাই শাকত থকা এন্টিঅক্সিডেন্টৰ ভিতৰত লুটিন আৰু জিএক্সান্থিন অন্তৰ্ভূক্ত হৈ আছে, যিয়ে চকুৰ স্বাস্থ্য উন্নত হোৱাত সহায় কৰে।
৬) লাই শাকে কেন্সাৰৰ বিৰুদ্ধে যুঁজাত সহায় কৰে। লাই শাকত ফেনলিক যৌগ, কেৰটিনয়ড, গ্লুক’চিন’লেটৰ দৰে ফাইটোকেমিকেলৰ উপস্থিতিয়ে কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰাত সহায় কৰে ।
৭) লিভাৰৰ ক্ষমতা উন্নত হয় লাই শাক খালে। লাই শাকত এবিধ খাৰুৱা মিথানল নিষ্কাশন আৰু নেফ্ৰ’প্ৰটেক্টিভ কাৰ্য্যকলাপ থাকে যিয়ে আমাৰ যকৃতৰ কাৰ্য্যকলাপত সহায় কৰে ।
৮) লাই শাকত চৰ্বি অতি কমকৈ থাকে। কিন্তু ইয়াৰ গাঢ় সেউজীয়া পাতত প্ৰচুৰ পৰিমাণে ফাইটোনিউট্ৰিয়েণ্ট, ভিটামিন, খনিজ পদাৰ্থ থাকে। ইয়াৰ উপৰিও আঁহ থাকে যিয়ে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। খাদ্যত থকা পৰ্যাপ্ত আঁহে অৰ্শ, কোষ্ঠকাঠিন্যৰ লগতে কলন কেন্সাৰ ৰোগৰ পৰাও সুৰক্ষা প্ৰদান কৰে।
৯) নিয়মিত সেউজীয়া লাই শাক খালে বাতবিষ, অষ্টিঅ’পৰ’ছিছ, আইৰণৰ অভাৱত হোৱা ৰক্তহীনতা প্ৰতিৰোধ কৰাৰ লগতে হৃদযন্ত্ৰৰ ৰোগ, হাঁপানী, আৰু বৃহদান্ত্ৰ আৰু প্ৰষ্টেট কেন্সাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে ।
১০) লাই শাকত ভিটামিন-এৰ প্ৰধান উৎস । ভিটামিন-এ হৈছে শ্লেষ্মা আৰু ছাল সুস্থ কৰি ৰখাৰ বাবে প্ৰয়োজনীয় এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান। ফ্লেভনয়ড সমৃদ্ধ প্ৰাকৃতিক লাই শাক খালে হাওঁফাওঁ আৰু মুখগহ্বৰৰ কৰ্কট ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।
শীত কালত উপলব্ধ বহুতো পুষ্টি গুণেৰে ভৰপূৰ লাই শাক খালে আমি বহুতো বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰো।