শাক খাই আমি সকলোৱে ভাল পাওঁ।ঠাণ্ডা দিনত বহুত ধুনীয়া ধুনীয়া শাক পোৱা যায়। সকলো শাকেই সোৱাদযুক্ত আৰু পুষ্টিকৰ। শাকৰ ভিতৰত মানিমুনি শাকত আটাইতকৈ বেছি গুণ থকাৰ বাবে ইয়াক শাকৰ ৰজা বুলি কোৱা হয়। মানিমুনি দুবিধ। এবিধ সৰু মানিমুনি আৰু আনবিধ বৰ মানিমুনি।
ইয়াৰ ইংৰাজী নাম–Indian penny wort.
মানিমুনি শাকৰ ঔষধি গুণ সমূহ হল—
ক) মানিমুনি শাক খালে গ্ৰহণী বেমাৰ ভাল হয়।
খ ) পেটত হোৱা ঘা মানিমুনি খালে শুকাই যায়।
গ) মৃগীৰোগ , উন্মাদ ৰোগত বৰ মানিমুনিৰ পাত উপকাৰী।
ঘ) যক্ষ্মা , হাঁইফাঁই হোৱা ৰোগীয়ে মানিমুনি খালে সুফল পায়।
ঙ) নিদ্ৰাহীনতাত মানিমুনি শাক উপকাৰী।
চ) মানিমুনি শাক খালে স্মৰণ শক্তি বাৰে।সেইবাবে সৰু ল’ৰা-ছোৱালীক মানিমুনি খোৱাব লাগে।
ছ) উচ্চ ৰক্তচাপ থকা সকলে মানিমুনি খাব লাগে।
জ) মানিমুনি শাক খালে চুলিৰ ভিটামিনৰ কাম দিয়ে।
ঝ) ছালৰ সৌন্দয্য বৃদ্ধি হয়।