শৰৎ মানেই শুভ্ৰতা, স্নিগ্ধতা আৰু শেৱালিৰ মনোমোহা সুবাস।শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা। কুলিৰ মাতে বসন্ত অহাৰ আগজাননী দিয়াৰ দৰে শেৱালিৰ সুবাসে ইংগিত দিয়ে শৰতৰ আগমনৰ।
শেৱালি ফুল যিদৰে দেখিবলৈ মনোমোহা সেইদৰে ইয়াৰ গুণগত মানো অতি উচ্চ। কেৱল শেৱালি ফুলেই নহয় ইয়াৰ পাতৰো আছে বহুতো ঔষধিযুক্ত গুণ।
আয়ুৰ্বেদিক তথা বিভিন্ন ঔষধৰ বাবে শেৱালি ফুলৰ পাত অতি উপকাৰী। বিশেষকৈ ঋতু পৰিৱৰ্তনৰ সময়ত এই শেৱালি ফুলৰ পাত নিয়মিত ভাৱে আহাৰৰ লগত ৰাখিব পাৰি।
ঋতু অথবা বতৰ পৰিৱৰ্তনৰ সময়ত বহুতো লোকৰ ঠাণ্ডা লাগি জ্বৰ , চৰ্দি , কাহ আদি হোৱা দেখা যায়। এনেক্ষেত্ৰত ৰোগীয়ে মৌৰ লগত শেৱালি ফুলৰ পাত মিশ্ৰণ কৰি খালে যথেষ্ট উপশম পায়।
চৰ্দি লাগি মাত ভাগিলে শেৱালি পাতৰ ৰস খালে ভাল হয়। আনহাতে মৃৰ্গী ৰোগীক শেৱালি ফুলৰ ৰস খুৱালে এই ৰোগ যথেষ্ট আৰোগ্য হয়।
বাত বিষ বা গাঁঠিৰ বিষ আদিত শেৱালি ফুলৰ পাত অতি উপকাৰী।
বদহজম হ’লে , বমি হ’লে শেৱালি ফুলৰ পাতৰ ৰস খালে পাচন ক্ৰিয়াত যথেষ্ট উপকাৰ পোৱা যায়।
মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো শেৱালি গছৰ পাত উপকাৰী। আনহাতে কৃমিৰ সমস্যা থাকিলে শেৱালি ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়।
শেৱালি গছৰ পাত খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট বৃদ্ধি পায়।
আনহাতে শেৱালি ফুল আৰু তাৰ বীজ চুলিৰ বাবে যথেষ্ট উপকাৰী।