শৰীৰ সুস্থ ৰাখিবলৈ ব্যায়াম অতি প্ৰয়োজনীয়। স্বাস্থ্য সন্মত খাদ্য গ্ৰহণ কৰাৰ লগতে সুস্থ শৰীৰৰ বাবে খোজ কঢ়াৰ লগতে শাৰীৰিক ব্যায়াম কৰাটো অতি জৰুৰী। ভাল খাদ্য খালে স্বাস্থ্য ভালে থকাৰ দৰে ফুৰিবলৈ গ’লে মন ভালে থাকে। ঠিক সেইদৰে মগজুৰ যত্নও লোৱাৰ প্ৰয়োজনীয়তা আছে। কিন্তু মগজুৰ ব্যায়াম কি ? বা মগজুৰ ব্যায়াম কেনেদৰে কৰা হয় এই বিষয়ে আমাৰ মনলৈ প্ৰশ্ন আহে। বাৰ্ধক্যৰ আগতে বহুতৰে স্মৃতি শক্তি কমি যায়। মগজু সক্ৰিয় কৰি ৰখাৰ লগতে স্মৃতি শক্তি বৃদ্ধিৰ বাবে ব্যায়াম কৰা অতি প্ৰয়োজন। মগজুৰ কৰ্ম ক্ষমতা সক্ৰিয় কৰি ৰাখিবলৈ বা স্মৃতি শক্তি কমি নাযাবলৈ মগজুৰ ব্যায়াম কি আৰু এই ব্যায়াম কেনেকৈ কৰিব লাগে জানো আহকচোন এই প্ৰতিবেদন যোগে —
১)। অধ্যয়ন কৰিব লাগে। বিভিন্ন ধৰণৰ কিতাপ পঢ়িলে মগজুৰ ব্যায়াম কৰা হয়। কেতিয়াবা কিছুমান কিতাপ পঢ়িবলৈ গৈ অৱসাদে আগুৰি ধৰে। এনে ক্ষেত্ৰত মগজুৰ ওপৰত বেছি জোৰ দিব নালাগে। যেতিয়া যি ধৰণৰ কিতাপ পঢ়িবলৈ মন যায় তেনে ধৰণৰ কিতাপ পঢ়িব লাগে।
২)। নিজৰ পচন্দৰ কাম বেছিকৈ কৰিব লাগে। সেয়া নৃত্য ও হ’ব পাৰে বা কবিতা লিখাও হ’ব পাৰে। কিছুমানে আকৌ ছৱি আঁকি ভাল পোৱাৰ দৰে আন কিছুমানে বাগিচা কৰি ভাল পায়। মুঠতে যি কামেই নহওঁক কিয় নিজৰ ভাল লগা কামবোৰ কৰিব লাগে।
৩)। কৌতূহল নোহোৱা হৈ যাবলৈ দিব নালাগে। বয়স বৃদ্ধিৰ লগে লগে বহুতৰে কৌতূহলী মনটো নোহোৱা হৈ যায় বা মনলৈ কৌতূহল নাহে। ইয়াৰ ফলত বহুতো কিবাকিবিৰ পৰা বঞ্চিত হ’ব লগীয়া হয়। কৌতূহলে মগজুৰ কৰ্ম ক্ষমতা বৃদ্ধি কৰে আৰু কৌতূহল এক প্ৰকাৰৰ ব্যায়াম।
৪)। চিঞৰি চিঞৰি গান গাব লাগে নাইবা আবৃত্তি কৰিব লাগে। পাহৰি গ’লেও চিন্তা নকৰি মনত পেলাবলৈ চেষ্টা কৰিব লাগে। মগজুৰ এই ব্যায়ামে মানসিক চাপ কমোৱাত সহায় কৰে আৰু স্মৃতি শক্তি বৃদ্ধি কৰে। অৱশ্যে এইটো এটা দীঘলীয়া অনুশীলন। নিয়মিত কৰিব লাগে। এদিন দুদিন কৰিলে নহয়, প্ৰতিদিনে এই অভ্যাস অব্যাহত ৰাখিলে মগজুৰ ব্যায়াম হোৱাৰ ফলত আমি সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হম।