আয়ুৰ্বেদ শাস্ত্ৰত সকলো উদ্ভিদৰে কিছুমান গুণ আছে । বাৰীৰ চাৰিওফালে যিমান গছ আছে প্ৰায় বেছি ভাগৰে ঔষধি গুণ দেখিবলৈ পোৱা যায়। তেনে এবিধ গছ হ’ল নিম গছ। নিম গছৰ ফল ,ফুল, পাত, শিপা সকলোতে ঔষধি গুণ আছে বাবে আয়ুৰ্বেদ শাস্ত্ৰত এই গছক ঐশ্বৰিক গছ বুলি অভিহিত কৰা হৈছে। নিম গছৰে বহুতো ৰোগৰ চিকিৎসা কৰা হয়। কেৱল অসম বা ভাৰততে নহয় সমগ্ৰ বিশ্বতে নিম গছ ঔষধি গছ হিচাপে পৰিচিত। বাৰিষা কালত নিম গছত ফল লাগে। খুব কম সময়ৰ বাবে এই ফল থাকে । এই ফলৰ সোৱাদ মিঠা আৰু তিতা। নিম গছৰ এই ফলবোৰ শৰীৰৰ বাবে অতি উপকাৰী। নিম গছৰ ফলৰ পৰা আমাৰ কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। নিম গছৰ ফল ভিটামিন চি, এণ্টি অক্সিডেণ্ট, আৰু এণ্টি ইনফ্লেমেটৰি গুণেৰে ভৰপূৰ। সেয়েহে বহুতো ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এই ফল ব্যৱহাৰ কৰা হয়।
২)। নিম গছৰ ফলত এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাঙ্গাল গুণ থকাৰ বাবে বেক্টেৰিয়া, ভাইৰাছ আদি সংক্ৰমণ বোৰক মাৰি পেলাব পাৰে।
৩)। নিম গছৰ ফলত থকা ফাইট’ কেমিকেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰি তোলে আৰু ৰোগৰ বিৰুদ্ধে যুজ কৰাৰ ক্ষমতা বৃদ্ধি কৰে।
৪)। নিম গছৰ গুটিয়ে তেজত থকা শ্বেত ৰক্তকণিকা আৰু এণ্টি বডিৰ সংখ্যা বঢ়াই তুলিব পাৰে।
৫)। নিমৰ গুটি নিয়মিত খালে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। পেটৰ যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। তাৰোপৰি ছালৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে এই ফলবিধে। সেয়েহে আয়ুৰ্বেদিক চিকিৎসকে নিমৰ ফল খাবলৈ পৰামৰ্শ দিয়ে।
৬)। ৰাতি পুৱা খালি পেটত নিমৰ ফল চোবাই খালে সকলোতকৈ বেছি উপকাৰ পোৱা যায়। তাৰোপৰি চাহ, চূপ, বা চালাডত ব্যৱহাৰ কৰিব পাৰি। বেছিকৈ খালে পেট জ্বলা পোৰা কৰিব পাৰে সেয়েহে সুষম পৰিমাণে খাবলৈ পৰামৰ্শ দিয়ে। নিম গুটিৰ পেষ্ট বনাই ঘা হোৱা অংশত বা ছালত লগালে উপকাৰ পোৱা যায়।
নিম গছৰ ডাল,পাত, ফল ,ফুল শিপা সকলো অংশই উপকাৰী বাবে এই গছক ঐশ্বৰিক গছ বুলি কোৱা হয় ।