খাদ্য বা আহাৰেই হৈছে আমাৰ জীৱনী শক্তিৰ আধাৰ আৰু সৌন্দৰ্য বৃদ্ধিৰ মূল উপাদান। সোন্দৰ্য চৰ্চাৰ কাৰণে বিভিন্ন প্ৰকাৰৰ খাদ্য উপাদানৰ ভিতৰত পানী অন্যতম। পানীয়েই প্ৰাণীৰ প্ৰাণ। আমাৰ শৰীৰৰ অধিকাংশই হৈছে পানী। শৰীৰত পানীৰ অভাৱ হ’লে ছাল সোতোৰা পৰে আৰু সৌন্দৰ্য একেবাৰে নাইকীয়া হৈ যায়। সেয়েহে দৈনিক পানী বা পানী জাতীয় বস্তু অধিক খাব লাগে।
বাৰীতে বিচাৰি পোৱা বা সহজতে উপলব্ধ হোৱা কেঁচা হালধিত বহুতো ঔষধি গুণ আছে। কেঁচা হালধি আৰু মৌজোলে ছালৰ উজ্বলতা বঢ়ায়—–
১) কেঁচা হালধিৰ ৰস এডোখৰ গুড়ৰ সৈতে নিয়মীয়াকৈ খালে আৰু হালধিৰ ৰস মৌৰ সৈতে ছালত সানিলে ছাল মিহি আৰু উজ্বল হয়।
২) ছালত ক’লা দাগ পৰিলে , কেঁচা হালধিৰ ৰসৰ লগত নহৰু এফোটাৰ ৰস আৰু মৌ ৰস লগালে ক’লা দাগ নোহোৱা হয়।
৩) বায়ু ৰোগত ,গৰম গাখীৰত অলপ হালধীৰ ৰস আৰু নিমখ মিহলি কৰি খালে তৎক্ষণাত ভাল ফল পোৱা যায়।
৪) কেঁচা হালধিয়ে , হাইজা ৰোগত প্ৰতিষেধকৰ কাম কৰে। হাইজা বেমাৰিয়ে হালধিৰ ৰস খালে যথেষ্ঠ আৰাম পায়।
৫) কেঁচা হালধিৰ ৰস গাত ঘহিলে আৰু ৰাতিপুৱা খালে সোতোৰা পৰা ছাল নিমজ হয়।
৬) কেঁচা হালধি পিহি (২০গ্ৰাম) এবাতি পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা সেই পানী খালে তেজ পৰিষ্কাৰ হয়।
৭) একাপ গৰম পানীত ৫ চামুচ কেঁচা হালধিৰ ৰস মিহলাই তাত অলপ নিমখ দি খালে কাঁহ ভাল হয়।
৮) এগিলাচ গৰুৰ গাখীৰত এচামুচ হালধিৰ গুড়ি মিহলাই দিনত তিনি বাৰ খালে ব্ৰঙ্কাইটিচ ৰোগ ভাল হয়।
৯) কেঁচা হালধি জুইত পুৰি দাঁত মাজিলে দাঁতৰ ৰোগ ভাল হয়।
১০) সৰু আই হোৱাৰ পাছত গা বিজবিজাই থাকিলে , কেঁচা হালধিৰ ৰস গাত সানিলে আৰাম পোৱা যায়।
১১) বহুমূত্ৰ ৰোগত বাৰে বাৰে প্ৰসাৱ হ’লে আৰু পিয়াহ লাগিলে ৮ গ্ৰাম হালধি পিহি পানীৰ লগত মিহলি কৰি আধা চামুচ মৌ দি খালে প্ৰসাৱ কম হয় আৰু পিয়াহ দূৰ হয়।
অতি সহজতে বিচাৰি পোৱা কেঁচা হালধিৰ ৰসেৰে আমি বহুত বেমাৰৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু গাৰ ছাল বা ৰং সুন্দৰ-সতেজ কৰি ধুনীয়া হৈ থাকিব পাৰো।