অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ এক পৰম্পৰাগত খাদ্য আৰু হ’ল ঢেঁকীয়া শাক । বাৰীৰ চুকত, পথৰ দাঁতিত, সেমেকা আৰু ছাঁ পৰি থকা মাটিত গজি থকা ঢেঁকীয়া আমাৰ সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাৰো অঙ্গ।
ঢেঁকীয়াৰ এক লাভজনক দিশ হ’ল ইয়াৰ সহজলভ্যতা। এই শাক সাধাৰণতে বছৰৰ মাৰ্চ মাহৰ পৰা অক্টোবৰ মাহলৈকে পোৱা যায়। কেৱল শীতৰ তিনি/চাৰি মাহ গছবোৰ সুপ্ত হৈ ৰয় আৰু নতুন পাত নোলায়। ঢেঁকীয়াৰ খেতি কৰা নহয় যদিও ইয়াৰ পুন: উৎপাদিকা শক্তি অতি বেছি । বৰষুণ নিয়মীয়াকৈ দি থাকিলে প্ৰতি তিনিদিন মানৰ মূৰে মূৰে ঢেঁকীয়া সংগ্ৰহ কৰিব পাৰি। সাধাৰণতে এইধৰণৰ ঘনে ঘনে ফচল দিব পৰা খাদ্য অতি বিৰল।
ঢেঁকীয়াক পৰম্পৰাগত খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় । ঢেঁকীয়া, মাগুৰ মাছ আৰু ঔ টেঙাৰ জোল আদিবোৰ অতি সুস্বাদু ব্যঞ্জন । গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ঢেঁকীয়াত ৩৩.৩৭% মাংসসাৰ বা প্ৰোটিন, ৫.৬০% শৰ্কৰা, ৩.৮০% চৰ্বিজাতীয় উপাদান, ৭.৮০% আঁহজাতীয় পদাৰ্থ আৰু ১৩.১৫% খনিজ লোণ থাকে।
পৃথিৱীত প্ৰায় ১০,০০০ ঢেঁকীয়াবৰ্গৰ প্ৰজাতি আছে। জানিব পৰামতে ভাৰতবৰ্ষৰ বিভিন্ন জনগোষ্ঠীয়ে প্ৰায় ২১ বিধ ঢেঁকীয়া প্ৰজাতি খাদ্য হিচাপে ব্যৱহাৰ কৰে। ইয়াৰে ১৬ বিধ পাতশাক হিচাপে ব্যৱহাৰ কৰা হয়। উল্লেখ্য যে বৰ্তমান উত্তৰ–পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে উপলব্ধ । আমাৰ পৰিচিত ঢেঁকীয়া ইয়াৰ অন্যতম।আনহাতে অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী এলেকাৰ পৰা সংগ্ৰহ কৰা আৰু বিভিন্ন নগা জনগোষ্ঠিয়ে খাদ্য হিচাপে ব্যৱহাৰ কৰা ঢেঁকীয়াৰ খাদ্যগুণ অতি উৎকৃষ্টমানৰ।
ঢেঁকীয়াই টিউমাৰ, ভাইৰাচজনিত ৰোগ , লিভাৰৰ অসুখ, জণ্ডিচ নিৰাময় কৰে। ইয়াত থকা কেলচিয়াম, ফচফৰাছ হাড়ৰ গঠনৰ বাবে অতি উপকাৰী। ঢেঁকীয়াই বক্ষৰোগ, কাঁহ –শ্বাসজনিত ৰোগ,হাওঁফাওঁৰ কৰ্কটৰোগ,ডায়েবেটিছ প্ৰতিৰোধ কৰে। ঢেঁকীয়াৰ শিপা গুড়ি কৰি পাউদাৰ হিচাপে লগালে ঘাঁ সোনকালে শুকায় ৷
ইয়াৰ উপৰিও ঢেঁকীয়াই কোষ্ঠকাঠিন্য দুৰ কৰা, দৃষ্টিশক্তি বঢ়োৱা, উচ্চ ৰক্তচাপ কমোৱাত যথেষ্ট সহায় কৰে।ঢেঁকীয়াৰ শিপাৰ চাহ বনাই খালে হাওঁফাওঁত অক্সিজেনৰ প্ৰবাহ ভাল হয় লগতে উশাহ-নিশাহত হোৱা কষ্ট দূৰ কৰে।