হাঁহৰ কণী নে কুকুৰাৰ কণী খাই ভাল পায় ?
কোন বিধ কণীত পুষ্টি গুণ বেছি জানেনে?
কণী খাই ভাল নোপোৱা মানুহ খুব কমেইহে আছে। ৰাতি পুৱা ব্ৰেক ফাষ্টত কুকুৰাৰ কণী বয়েল বা প’চ কৰি খাবলৈ পচন্দ কৰাৰ দৰে ভাত বা ৰুটিৰ লগত হাঁহৰ কণীৰ দম খাবলৈ বহুতেই ভাল পায়। কুকুৰাৰ কণীতকৈ হাঁহৰ কণীৰ সোৱাদ বেছি হয়। কিন্তু পুষ্টি গুণৰ ফালৰপৰা কুকুৰাৰ কণী নে হাঁহৰ কণী কোন বিধ বেছি উপকাৰী সেই বিষয়ে মনলৈ প্ৰশ্ন আহে। পুষ্টিবিদ সকলে জানিবলৈ দিয়ে যে, হাঁহ বা কুকুৰা দুয়ো বিধ কণীৰে নিজস্ব গুণ আছে। কিছুমান ক্ষেত্ৰত কুকুৰাৰ কণীতকৈ হাঁহৰ কণীৰ পুষ্টিগুণ বেছি থাকে যদিও গৰমৰ দিনত হাঁহৰ কণী খালে সমস্যা হ’ব পাৰে। কোন বিধ কণীত কি পুষ্টি গুণ থাকে জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। প্ৰ’টিন :- হাঁহৰ কণীত প্ৰ’টিনৰ পৰিমাণ প্ৰায় ৯ গ্ৰাম। আনহাতে কুকুৰাৰ কণীত ৬ গ্ৰাম পোৱা যায়। শৰীৰত প্ৰ’টিনৰ চাহিদা পূৰণ কৰিবলৈ হ’লে হাঁহৰ কণী বেছি উপকাৰী।
২)। ফ্যেট। :- হাঁহৰ কণীত ফ্যেটৰ পৰিমাণ ১০ গ্ৰাম আৰু কুকুৰাৰ কণীত ফ্যেটৰ পৰিমাণ ৫ গ্ৰাম থাকে। কণীত থকা ফ্যেট আনছ্যেচুৰেটেড গোত্ৰৰ হোৱা বাবে হাৰ্টৰ বাবে উপকাৰী।
৩) ভিটামিন আৰু মিনাৰেল :- হাঁহৰ কণীত বিভিন্ন ধৰণৰ ভিটামিন আৰু খনিজ উপাদান থাকে। কুকুৰাৰ কণীত এই উপাদান বোৰ কম পৰিমাণে থাকে।
৪)। ওমেগা ৩ ফেটি এচিড :- হাৰ্ট, মগজু ভালে ৰখাৰ লগতে প্ৰদাহ জনিত সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰে ওমেগা ৩ ফেটি এচিডে। কুকুৰাৰ কণীতকৈ হাঁহৰ কণীত ওমেগা ৩ ফেটি এচিডৰ পৰিমাণ বেছি থাকে।
৫)। কলেষ্টেৰেল :- হাঁহৰ কণীত কলেষ্টেৰেলৰ পৰিমাণ ৬০০ মিলি গ্ৰাম থকাৰ বিপৰীতে কুকুৰাৰ কণীত কলেষ্টেৰেলৰ পৰিমাণ ১৮৫ মিলি গ্ৰাম থাকে। এইটো কাৰণতেই পুষ্টিবিদ সকলে হাঁহৰ কণীত কৈ কুকুৰাৰ কণীক বিশেষ গুৰুত্ব দিয়ে।
পুষ্টি গুণৰ ফালৰপৰা লক্ষ্য কৰিলে দেখা যায় যে, হাঁহৰ কণী বা কুকুৰাৰ কণীৰ পুষ্টিকৰ গুণ প্ৰায় একেই যদিও হাঁহৰ কণীৰ পুষ্টি গুণ সামান্য বেছি। যদিহে শাৰীৰিক সমস্যা থাকে তেনেহলে চিকিৎসকৰ পৰামৰ্শ লৈহে হাঁহৰ কণী খোৱা উচিত।