হেলচী শাক খায় নেকি? এই শাক খালে কি হয় জানে নে?
হেলচী শাক চিনি পায় নে ? হেলচী হৈছে এবিধ ভেষজ বাৰ্ষিক উদ্ভিদ বা শাক। জেকা ঠাই, নৈ, ডোবা, পুখুৰী আদিৰ আশে পাশে এই শাক বা উদ্ভিদক গজা দেখিবলৈ পোৱা যায়। হেলচী শাকৰ সোৱাদ অলপ তিতা হয়। হেলচী শাক হিচাপে খোৱা হয় যদিও এই উদ্ভিদ বিধ ঔষধি গুণেৰে সমৃদ্ধ। বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে এই উদ্ভিদ বিধ ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদ চিকিৎসাত হেলচী উদ্ভিদৰ ব্যৱহাৰ আছে। আয়ুৰ্বেদত হেলচীক তেজৰ পৰিশোধন, ভোক বঢ়োৱা, পিত্তথলী, বীজাণু নাশক বুলি চিনাক্ত কৰা হৈছে। হেলচী উদ্ভিদত কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে বুলি জানিবলৈ পোৱা যায়। হেলচী শাক খালে আমাৰ কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। হেলচী শাকত বহুতো এণ্টি মাইক্ৰবিয়েল উপাদান থাকে যিয়ে ছালৰ ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বা ভেঁকুৰৰ সৈতে যুঁজ দিয়াত সহায় কৰে আৰু সকলো বিষাক্ত পদাৰ্থ তেজৰ পৰা বাহিৰ কৰি দিয়ে। হেলচী শাক খালে ছালৰ দাগ সমূহ আঁতৰ হোৱাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়।
২)। হেলচী শাকে এচিডিটি আৰু যকৃতৰ ৰোগ নিৰাময় কৰাত সহায় কৰে। হেলচী শাকৰ চূপ খালে এচিডিটি, গেষ্ট্ৰটাইটিছ, হৃদযন্ত্ৰৰ পোৰা, বদহজম আদি নিৰাময় হয়। এই শাকে যকৃতৰ স্বাস্থ্য উন্নত কৰে।
৩)। নিদ্ৰাহীনতাৰ চিকিৎসাৰ বাবে হেলচী শাক উপকাৰী। হেলচী শাকে চাপ হ’ৰমনৰ উৎপাদন নিয়ন্ত্ৰণ কৰে আৰু পেশী শিথিল কৰে। এই শাক খালে টোপনি উন্নত হোৱাৰ লগতে মন শিথিল হয়।
৪)। স্নায়বিক বিকাৰৰ চিকিৎসাৰ বাবে হেলচী শাক উপকাৰী। আলঝেইমাৰ ৰোগৰ দৰে স্নায়বিক বিকাৰৰ চিকিৎসাৰ বাবে হেলচী উদ্ভিদৰ নিষ্কাশন ব্যৱহাৰ কৰা হয়।
৫)। হেলচী শাক খালে ওজন হ্ৰাস হয়। হেলচী উদ্ভিদত প্ৰ’টিন আৰু এণ্টি অক্সিডেণ্টৰ উপাদান থাকে যিয়ে শৰীৰৰ বাবে এক উন্নত পুষ্টি গত পৰিপূৰক প্ৰস্তুত কৰে। ওজন কমাবলৈ বিচাৰিলে হেলচী শাকৰ চূপ খাব লাগে।
৬)। হেলচী শাক খালে অৰুচি নোহোৱা হয় আৰু ভোক বৃদ্ধি হয়।
৭)। নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণত আনিব পাৰে হেলচী শাকে। ২ চাহ চামোচ হেলচী শাকৰ ৰস , ২ চাহ চামোচ কলমৌ শাকৰ ৰসৰ সৈতে ২ চাহ চামোচ মৌজল মিহলাই প্ৰতিদিন ৰাতি পুৱা এমাহ খালে নিম্ন ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।
হেলচী শাক ঔষধি গুণেৰে ভৰপূৰ আৰু বহুতো ৰোগৰ বাবে উপকাৰী যদিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা উচিত।