প্লীহা হ’ল লিম্ফয়ড আৰু ফেগচাইটিক ৰিটিকিউলট এনড’থেলিয়েল কোষৰ এটা ডাঙৰ সমষ্টি। ইয়াৰ ভিতৰত ৰক্তনলী আৰু চাইনাচয়ডৰ সংযোগ জালি থাকে।ই পেটৰ বাওঁফালে কামিহাড়ৰ তলত থাকে।
প্লীহাই গৰ্ভস্থ সন্তানৰ তেজ গঠন কৰে বা তৈয়াৰ কৰে।
লোহিত ৰক্ত কণিকা আৰু প্লেটলেটক যিবোৰ এণ্টিবয়ে সংক্ৰমণ কৰে সেইবোৰক প্লীহাই ধ্বংস কৰে আৰু শৰীৰৰ কোষৰ ভিতৰত থকা কিছুমান অলাগতিয়াল পদাৰ্থ প্লীহাত নষ্ট বা ধ্বংস হয়।
পুৰণি লোহিত ৰক্ত কণিকা ধ্বংস কৰে আৰু নতুন লোহিত ৰক্ত কণিকা গঠন কৰাত সহায় কৰে।
প্লীহাই ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰে।
প্লীহাই ইছপ্লেনিন নামৰ হৰম’ন তৈয়াৰ কৰে যিটোৱে মজ্জাৰ কামত সহায় কৰে।
ৰক্তহীনতা , মেলেৰিয়া , চেপটিচেমিয়া , টাইফয়েড, পুৰণি বাতবিষ আৰু জন্মগত কাৰণত প্লীহা বৃদ্ধি হ’ব পাৰে। প্লীহাত ফোঁহা হ’ব পাৰে , চিষ্ট হ’ব পাৰে বা প্লীহা ফাটি যাব পাৰে।
আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ প্লীহাক আমি ভালে ৰাখিবলৈ — পকা অমিতা সপ্তাহত ৩ বাৰ ১০০ গ্ৰামকৈ খাব লাগে। কেঁচা অমিতা সিদ্ধ কৰি বা দাইলত দি সিজাই খালেও উপকাৰ হয়।
২ চামুচ ত্ৰিফলা ১ গিলাচ পানীত মিশ্ৰণ কৰি প্ৰতিদিনে আহাৰ খোৱাৰ পাছত এবাৰকৈ খোৱা উচিত।