ভাত ৰন্ধাৰ সময়ত অসাৱধান বশতঃ কেতিয়াবা হাত পুৰি যায়। গৰম পানী বা গৰম তেল চিটিকি পৰি নাইবা গৰম পাত্ৰত লাগি হাত পুৰি যাৰ পাৰে। এনে অৱস্থাত প্ৰচণ্ড জ্বলা পোৰা, আক্ৰান্ত স্হান ৰঙা হৈ যোৱা আৰু সেই স্থানত ধূপ উঠিব পাৰে। ৰন্ধন কাৰ্য কৰি থকা সময়ত এনে ধৰণৰ সৰু সুৰা ঘটনা কম বেছি পৰিমাণে প্ৰায় সকলো গৃহিণীৰ হৈয়ে থাকে। কিন্তু সকলো সময়তে হাতৰ ওচৰত প্ৰতিষেধক মলম নাথাকিবও পাৰে। এনে পৰিস্থিতিত ঘৰুৱা চিকিৎসাৰ প্ৰয়োজন হৈ পৰে। হঠাতে হাত পুৰি গ’লে কি কৰিব লাগে জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। বৰফ :- সকলোৰে ঘৰত ডিপ ফ্ৰিজত বৰফ থাকেই। গৰম চাহ গৰম পানী নাইবা গৰম ভাতৰ মাৰ হাতত পৰিলে জ্বলা ভাৱ নোহোৱা কৰিবলৈ বৰফ ব্যৱহাৰ কৰিব লাগে। প্ৰথমতে বৰফ লগাব নালাগে। পুৰি যোৱাৰ লগে লগে ঠাণ্ডা পানীত পুৰা অংশটো তিয়াই ৰাখিব লাগে। তাৰ পাছত এটুকুৰা কাপোৰত বৰফৰ টুকুৰা মেৰিয়াই লৈ পুৰা অংশত বান্ধি ৰাখিব লাগে। ১৫ মিনিট মান সময় এনেদৰে ৰাখিলে জ্বলা পোৰা ভাৱ কমি যায়।
২)। এলোভেৰা জেল :- যিকোনো ঘা বা পুৰা ভাব কমোৱাত এলোভেৰা জেল খুবেই উপকাৰী। বহুতৰে ঘৰৰ বাৰীত বা টাবত এলোভেৰা গছ লগায়। ছাল সুন্দৰ কৰি ৰাখিবলৈ আৰু ছালৰ উজ্জ্বলতা বঢ়াবলৈ এলোভেৰা পাতৰ পৰা জেল উলিয়াই ব্যৱহাৰ কৰা হয়। এই জেল পুৰি যোৱা অংশত লগালে আৰাম পোৱা যায়। ৩০ মিনিট সময় মলমৰ দৰে পূৰি যোৱা ঠাইত সানি দিলে ছালৰ জ্বলা ভাৱ নোহোৱা হয়। নাৰিকল তেল লগে লগেই সানি দিলেও উপকাৰ পোৱা যায়। কিছুদিন নাৰিকল তেল লগাই থাকিলেও দাগ নোহোৱা হৈ যায়।
৩)। চাহ :- লিকাৰ চাহে অতি কম সময়তে পুৰি যোৱা জ্বলা ভাৱ কমাব পাৰে। ৩/৪ টা লিকাৰ চাহৰ টি বেগ ১ কাপ ঠাণ্ডা পানীত তিয়াই থব লাগে। এই পানীত বৰফৰ গুৰি মিহলাই দিব লাগে। কিছু সময়ৰ পিছত এই লিকাৰ চাহ কপাহৰ সহায়ত লাহে লাহে পুৰি যোৱা অংশত লগাব লাগে। এনে কৰিলে অতি কম সময়ৰ ভিতৰতে উপকাৰ পোৱা যায়।
৪)। বেকিং ছডা :- পুৰি যোৱা স্থানত বেকিং ছডা লগাব পাৰে। বেকিং ছডাত জীবাণুনাশক গুণ থকাৰ বাবে ক্ষত স্থানত সংক্ৰমিত হ’ব নিদিয়ে আৰু কম সময়ৰ ভিতৰতে বিষ যন্ত্ৰণাৰ উপশম ঘটাব পাৰে।
৫)। মৌ জোল :- মৌ জোল প্ৰাকৃতিক এণ্টি বায়টিক হোৱা বাবে পুৰি যোৱা ঘা সংক্ৰমণ হ’ব নিদিয়ে। মৌ জোল লগালে জ্বলা পোৰা কমোৱাৰ লগতে ইয়াত থকা এণ্টি অক্সিডেণ্টে ঘা শুকোৱাত সহায় কৰে।
৬)। নিমখ :- ৰন্ধন কাৰ্যত ব্যৱহাৰ হোৱা নিমখ হাতৰ কাষতেই থাকে। পুৰি যোৱাৰ লগে লগেই সেই ঠাইত নিমখ সানি দিব লাগে। নিমখত ছডিয়াম ক্ল’ৰাইড থাকে যি প্ৰাকৃতিক নিৰাময় শক্তি আৰু এণ্টি মাইক্ৰ’বায়াল ফোহা হবলৈ নিদিয়ে আৰু অতি সোনকালেই পুৰি যোৱা অংশ শুকাই যোৱাত সহায় কৰে।
হাত বা আঙুলি পুৰি গলে চুৰি, আঙুঠি আদি খুলি থব লাগে কিয়নো পুৰি যোৱাৰ ফলত বহুত সময়ত সেই ঠাই ফুলি যায় বাবে পিছত খুলিব নোৱাৰা হৈ যায়। আঙুঠি, চুৰি আদি সেই আঘাত পোৱা অংশত লাগি কষ্ট বেছি হয়। সেইবাবে হাত পুৰাৰ পিছতে আঙুঠি, চুৰি আদি খুলি থব লাগে।