অতি লোভনীয় ৰবাব টেঙা। ৰবাব টেঙা বুলিলে জিভাৰ পানী নোলোৱাকৈ থকা মানুহ হয়’তো খুব কমেই ওলাব। কেঁচাতে সেউজীয়া আৰু পকিলে হালধীয়া ৰবাব টেঙাৰ বাকলি যথেষ্ট ডাঠ হয়। বাকলি গুচোৱাৰ পিছত ভিতৰৰ অংশ ৰঙচুৱা , সৰু সৰু ফোটা আৰু ৰসেৰে ভৰা। সোৱাদ টেঙা – মিঠা।ৰবাব টেঙা এৰুৱাই লোৱাৰ পিছত নিমখ -জলকীয়া সানি জুতি লগাই খোৱা হয়। ৰবাব টেঙাৰ ৰস উলিয়াই চৰৱত বনাই খাব পাৰি। অতি সোৱাদযুক্ত ৰবাব টেঙাও বহুত ঔষধি গুণেৰে ভৰপূৰ। ৰবাব টেঙাৰ পৰা আমি কি কি উপকাৰ পাব পাৰো জানো আহকচোন এই প্ৰতিবেদন যোগে —
১) ৰবাব টেঙাৰ ৰস খালে পিয়াহ দূৰ হয়।
২) ৰবাব টেঙাৰ ৰসে শৰীৰত যথেষ্ট শক্তি প্ৰদান কৰে।
৩) শৰীৰ শীতল কৰে আৰু ছাল নিমজ কৰে।
৪) ৰবাব টেঙাৰ ৰস খালে তেজ বৃদ্ধি হয়।
৫) ৰবাব টেঙাৰ ৰসে গেছ নোহোৱা কৰে আৰু পেটৰ বিষ ভাল কৰে।
৬) গ্ৰহনী ৰোগৰ বাবে ৰবাব টেঙাৰ ৰস উপকাৰী।
৭) ৰবাব টেঙা খালে পানী লগা ভাল হয় আৰু কাহ কমি যায়।
৮) ৰবাব টেঙাই ডিঙিৰ বিষ ভাল কৰে।
৯) ৰবাব টেঙাৰ ৰসে খাদ্য হজম হোৱাত সহায় কৰে।
১০) ৰবাব টেঙাৰ ৰস কাণৰ বিষতো উপকাৰী।
এতিয়া ৰবাব টেঙা উভৈনদী হৈ পৰিছে। ঔষধি সম্পন্ন এই টেঙাবোৰ খাই আমি জুতি লোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকো আহক।