বিশল্যকৰণী বুলি ক’লে সাধাৰণতে ৰামায়ণৰ কথা মনলৈ আহে। যুদ্ধত ৰাৱনে,লক্ষ্মণক আঘাত কৰাত লক্ষ্মণ মৃত্যু শৰ্যাত পৰিছিল তেতিয়া ৰাজবদ্যই লক্ষণক বচাবলৈ দ্ৰোণগিৰি পৰ্বতৰ পৰা হনুমানক আনিবলৈ দিয়া বনৌষধী বিধৰ কথাই মনলৈ আহে। কিন্তু বহু গৱেষণাৰ পিছতো বিশল্যকৰণী নামৰ সেই বনৌষধি বিধ আজিলৈকে সঠিককৈ চিনাক্ত কৰিব পৰা নাই। ভাৰত বৰ্ষত তেনে ধৰণৰ ঔষধি গুণ থকা তিনি বিধ শাক বন জাতীয় উদ্ভিদ আৰু এটা অৰ্কিডৰ প্ৰজাতিক ঠাই বিশেষে বিশল্যকৰণী বুলি কোৱা দেখা যায়। এই আটাইকেইবিধ বিশল্যকৰণী অসমৰ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বিচিত্ৰ উদ্যানত সংৰক্ষিত হৈ আছে। বিশল্যকৰণীৰ পৰা আমাৰ কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। বিশল্যকৰণী (ক) বৈজ্ঞানিক নাম Ayapana triplinervis
ঘাঁৰ পৰা ৰক্তক্ষৰণ আৰু তেজ জমা হোৱা নিয়ন্ত্ৰণ কৰিবলৈ পাত আৰু কাণ্ডৰ লেপ ব্যৱহাৰ কৰা হয় । তেজ ওলোৱা, ডায়েৰিয়া, পেটৰ আলচাৰৰ পৰা তেজ ওলোৱা বা যিকোনো অংশত তেজ ওলোৱা বন্ধ কৰিবলৈ এই বিধ ঔষধ হিচাপে কৰা হয়।
২)। কণ্ঠক বিশল্যকৰণী ( বৈজ্ঞানিক নাম Barleria lupulina )
ভাৰত বৰ্ষৰ লোক চিকিৎসাত পোক পৰুৱাৰ কামোৰ , সাপে কামোৰা, ফোঁহা, বাতবিষ, শৰীৰত হোৱা প্ৰদাহ কমোৱাৰ বাবে ব্যৱহাৰ কৰাৰ লগতে যিকোনো ৰক্ত ক্ষৰণ বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা হয় এই বিধ বিশল্যকৰণীক।
৩)। বিশল্যকৰণী ( বিষহৰি )। বৈজ্ঞানিক নাম Alternanthera bettzickiana
ইয়াৰ পাত শিশুৰ ৰক্ত হীনতাৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। তাৰোপৰি বাতবিষ, গেষ্ট্ৰাইটিছ, মহিলাৰ ঋতু স্ৰাবৰ সময়ত হোৱা বিষ, মাতৃ দুগ্ধ বৃদ্ধি কৰা, তেজৰ সঞ্চালন উন্নত কৰা, সাপে কামোৰা বিষৰ পৰা আৰম্ভ কৰি শৰীৰত হোৱা যিকোনো ৰক্ত ক্ষৰণ বন্ধ কৰিবলৈ এই বিধ বিশল্যকৰণীক ব্যৱহাৰ কৰা হয়।
৪)। বিশল্যকৰণী অৰ্কিড ( সঞ্জীৱনী ) বৈজ্ঞানিক নাম Dendrobium plicatile
ইয়াৰ ফুল আৰু কাণ্ডৰ ৰস মানৱ শৰীৰৰ যিকোনো বিকাৰৰ চিকিৎসাত টনিক হিচাপে ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ ই মানৱ শৰীৰৰ যিকোনো ৰোগত সঞ্জীৱনী হিচাপে কাম কৰে।